/asomiyapratidin/media/media_files/2026/01/15/raj-web-2026-01-15-13-18-19.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভোগৰ উৎসৱ ভোগালী বিহুৰ উচাহৰ মাজতে ঢকুৱাখনাৰ এগৰাকী যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিহুৰ বতৰত ঢকুৱাখনাৰ খেলুৱৈ বৰ্ণম আশীষ বৰগোঁহাইয়ে লাভ কৰা ব্ৰঞ্জৰ পদকৰ বাতৰিয়ে ঢকুৱাখনাবাসীক উৎফুল্লিত কৰি তুলিছে।
ঢকুৱাখনা সমজিলাৰ সম্ভাৱনাপূৰ্ণ যুৱ সমৰকলা খেলুৱৈ বৰ্ণম আশীষ বৰগোহাঁইয়ে সদ্যসমাপ্ত ১৪ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱান্ডো প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ ঢকুৱাখনা টাইকোৱানডো একাডেমীৰ হৈ অংশ গ্ৰহণ কৰে। এই প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে পদক অর্জন কৰা পিছত অসমৰ বাবে গৌৰৱ আজুৰি আনিবলৈ সক্ষম হৈছে।
ঢকুৱাখনা টাইকোৱান্ডো একাডেমীৰ প্ৰশিক্ষাৰ্থী বৰ্ণম আশীষ বৰগোহাঁইয়ে ৪১ কিলোগ্ৰাম অনুৰ্দ্ধ ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰি ব্ৰঞ্জৰ পদক লাভেৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৃতিত্বৰে উজ্বলি উঠে। উল্লেখযোগ্য যে, ১২ জানুৱাৰী পৰা ১৫ জানুৱাৰীলৈ নতুন দিল্লীৰ তালকোতাৰা ইনড'ৰ ষ্টেডিয়াম প্ৰাঙ্গনত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱান্ডো প্ৰতিযোগিতা।
ঢকুৱাখনা টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক কৃষ্ণকান্ত গগৈৰ দিল্লীলৈ নেতৃত্বত যোৱা বৰ্ণম আশীষে ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰ, ২০২৫ লৈ গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত লখিমপুৰ জিলা দলৰ পৰা প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিছিল।
ঢকুৱাখনা সমজিলাৰ লাহীবাৰী গাঁৱৰ নিবাসী, ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ জ্যেষ্ঠ অধিবক্তা মনোজ গোঁহাই আৰু ফুলুমণি দত্তৰ পুত্ৰ বৰ্ণম আশীষ বৰগোহাঁইৰ এই সফলতাত গৌৰৱান্বিত লখিমপুৰ জিলাবাসীৰ লগতে ঢকুৱাখনাবাসী।
প্ৰতিভাসম্পন্ন প্ৰতিযোগী বৰ্ণমৰ ধাৰাবাহিক বিজয়ত ঢকুৱাখনা টাইকোৱান্ডো একাডেমী পৰিয়াল, লখিমপুৰ জিলা টাইকোৱান্ডো সন্থা, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱা, সম্পাদক অচ্যুত চত্ৰধৰা, চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়া, ঢকুৱাখনা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱা, অগপৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতিৰ সম্পাদক সমুজ্জল চেতিয়াকে প্ৰমুখ্য কৰি বিভিন্ন ব্যক্তি, দল, সংগঠনে অভিনন্দন জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us