বিশাল শোভা যাত্ৰাৰে প্ৰাণৰ শিল্পীগৰাকীলৈ জন্মদিনৰ ওলগ

আজিৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে নগাঁৱৰ বঢ়মপুৰ ৰাজহুৱা  খেলপথাৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষ্যে বিশেষ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 2.21.15 PM

ডিজিটেল সংবাদ ,বঢ়মপুৰঃ অসমীয়াৰ প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক জন্মদিন। শিল্পীগৰাকীৰ জন্মদিন পালনৰ উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে নগাঁৱৰ বঢ়মপুৰ ৰাজহুৱা  খেলপথাৰত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ব্যৱস্থাপনাত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। 

সেই উপলক্ষে আজি পুৱা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত স্থানীয় ৰাইজে বন্তি প্ৰজ্বলন কৰি বঢ়মপুৰ ৰাজহুৱা খেলপথাৰৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত বঢ়মপুৰৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলৰ লগতে সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে । 

উল্লেখ্য যে শোভাযাত্ৰাত সকলোৱে  জুবিন গাৰ্গৰ বাল্যকালৰ পৰা এতিয়ালৈ তেওঁৰ বিভিন্ন প্ৰতিচ্ছবি হাতে-হাতে লৈ "জয় জুবিন দা" , "জুবিন দা অমৰ হওঁক" আদি ধ্বনিৰে জন্মদিনৰ ওলগ জনাই বঢ়মপুৰৰ আকাশ - বতাহ মুখৰিত কৰি তোলে । 

ইয়াৰোপৰি বিয়লি কেনভাচ আৰু দেৱাল চিত্ৰাংকনৰ মাজেৰে অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ বিভিন্ন ৰূপ প্ৰতিফলিত হ'ব জানিব পৰা গৈছে । সন্ধিয়ালৈ ১০,০০১ গছি বন্তি প্ৰজ্বলনেৰে আলোকিত হ'ব বঢ়মপুৰ ৰাজহুৱা খেলপথাৰৰ চৌদিশ।

বঢ়মপুৰ