বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস: ৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস: ৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস: ৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে উৰিয়াগাঁওস্থিত শ্বহীদ ভোগেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। উক্ত অনুষ্ঠান উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই।

Advertisment

পুৱা ১০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ১১ বজাত বিশেষ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। সাংবাদিক জয়ন্ত বৰা আৰু নিপুল বৰাই আঁত ধৰা বিশেষ সভাখনত বিশিষ্ট অতিথি হিচাপে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে। লগতে অৱসৰপ্ৰাপ্ত মহকুমা চিকিৎসা বিষয়া তথা কবি,লেখক ডা. হেমন্ত কুমাৰ গোস্বামী,ননৈ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বসন্ত বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ইন্দ্ৰজিত বেজবৰুৱা উপস্থিত থাকে।

উক্ত সভাতেই সমাজ জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ৫ গৰাকী ব্যক্তি ক্ৰমে বিশিষ্ট নাট্যকাৰ,অভিনেতা তথা পৰিচালক কমলেশ শইকীয়া,অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক তথা বিশিষ্ট লেখক মনোৰাম কলিতা,শংকৰী কলাকৃষ্টিৰ সাধক তথা সূত্ৰধাৰ কেশৱ চন্দ্ৰ শৰ্মা,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী ৰমেশ চন্দ্ৰ ভূঞা,বিশিষ্ট ক্ৰীড়া সংগঠক তথা ক্ৰীড়াবিদ প্ৰভাত বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল।

Also Read: সোনাৰী চাপৰিত এমাহে সন্ধানহীন দুই সন্তানৰ মাতৃ...

Barhampur press club