/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-22-50-11.jpg)
ডিজিটেল ডেস্কঃ বঢ়মপুৰবাসীৰ বাবে এক সু-খবৰ। স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চামগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ একেলগে আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় মন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে- আধাৰশিলা স্থাপন কৰি মন্ত্ৰী অশোক সিংহলে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে "সুস্থ সমাজ, সুস্থ অসম" গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে। লগতে কয় যে গাঁও পৰ্যায়ত স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী হ'লেহে দুখীয়া পৰিয়ালসমূহে উন্নত চিকিৎসাৰ বাবে চহৰলৈ দৌৰিব লগা নহ'ব। আনপিনে এই অনুষ্ঠানত স্থানীয় বিধায়কৰ লগতে জিলা স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/7b4b0cc0-89f.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us