/asomiyapratidin/media/media_files/2025/08/22/barhampur-22-2025-08-22-21-04-09.jpg)
ডিজিটেল সংবাদ উৰিয়াগাঁওঃ নগাঁও জিলাৰ বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হয়।আদৰণি সভাৰ পূৰ্বে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জুনু হাজৰিকা আৰু সমাজকৰ্মী জয়ৰাম শইকীয়াৰ ব্যক্তিগত প্রচেষ্টাত ৪ লাখ টকা ব্যয় সাপেক্ষে প্ৰয়াত মুক্তিযোদ্ধা হলিৰাম হাজৰিকা আৰু জুনু হাজৰিকাৰ মাতৃ মোহিনী হাজৰিকাৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা ছাত্ৰী জিৰণি কোঠাৰ শুভ উদ্বোধন কৰে নগাঁও মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক হলিৰাম হাজৰিকাই।
ভাষণত উদ্বোধক হাজৰিকাই নৱনির্মিত জিৰণি কোঠাৰ জৰিয়তে ছাত্ৰীসকল উপকৃত হ'ব বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰাক্তন ছাত্ৰীগৰাকী সহিতে তেওঁৰ স্বামীয়ে জিৰণি কোঠা নিৰ্মাণ কৰি দিয়া পদক্ষেপক শলাগ লয়।ইয়াৰ পিছতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি চাকিৰাম শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপক চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ নলিনী কুমাৰ বৰা,বিষয় শিক্ষক তথা লেখক নয়ন জ্যোতি নেওগে শৈক্ষিক ক্ষেত্ৰৰ বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে।
বিদ্যালয়খনৰ বিষয় শিক্ষয়ত্ৰী অম্বিকা কোঁৱৰে আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে মণ্টু মহন্ত,দেৱজিৎ নাথ,অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী জুনু হাজৰিকা,সমাজকৰ্মী জয়ৰাম শইকীয়া প্ৰমুখ্যে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী,কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। সভাৰ অন্তত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।