/asomiyapratidin/media/media_files/2025/09/18/dddddddddd-2025-09-18-10-47-33.jpg)
ডিজিটেল ডেস্কঃ বলিউদৰ মোহময়ী অভিনেত্ৰী দিশা পাটানীৰ ঘৰত যোৱা বুধবাৰে সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ তদন্ত অব্যাহত আছে। খবৰ অনুসৰি এই আক্ৰমণত কুখ্যাত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ গেঙৰ মুঠ পাঁচজন লোক জড়িত আছিল। ইয়াৰে দুজন অপৰাধী এনকাউণ্টাৰত নিহত হোৱাৰ বিপৰীতে আন দুজন সন্দেহযুক্ত লোকৰ সন্ধান এতিয়াও অব্যাহত আছে।
১২ ছেপ্টেম্বৰত এই চাৰিজন শ্বুটাৰ অভিনেত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ গুলীচালনা কৰে। ৰবীন্দ্ৰই গুলী চলাইছিল, আনহাতে অৰুণে বাইকখন চলাই আছিল। তদন্তৰ সময়ত আৰক্ষীয়ে ২০০০ৰো অধিক চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই অপৰাধীসকলক ধৰা পেলায়।
বৰ্তমান পলাতক অপৰাধী নকুল আৰু বিজয়ক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে। আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, অচিৰেই আন দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হ’ব। আৰক্ষীয়ে দুয়ো অভিযুক্তৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গাজিয়াবাদৰ যুটীয়া জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।