/asomiyapratidin/media/media_files/2025/10/23/39-2025-10-23-16-52-56.jpg)
ডিজিটেল সংবাদ, হাজো : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি। নলবাৰী, হাউলী, পলাশবাৰী আদিৰ লগতে হাজোৰ বৰম্বৈতো ৰাস মহোৎসৱৰ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে।
ইতিমধ্যে লাইখুটা স্থাপনৰে ৰাস মহোৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰিছে উদযাপন সমিতিসমুহে। সমান্তৰালকৈ হাজোৰ বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা বৃহস্পতিবাৰে স্থাপন কৰে উদযাপন সমিতিয়ে।
সম্পূৰ্ণ মাঙ্গলিক ৰীতি- নীতিৰে পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে লাইখুটা স্থাপন কৰে ৰাস উদযাপন সমিতিয়ে। লখাইতৰা নদীৰ বুকুত সম্পূৰ্ণ নৈসৰ্গিক পৰিৱেশত অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ।
আধ্যত্মিকতাৰ লগতে বিভিন্ন কাৰিকৰী দিশেৰে চমক দেখুৱাবলৈ সাজু এইবাৰ বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱ সমিতি।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us