/asomiyapratidin/media/media_files/2025/09/17/barama-17-2025-09-17-17-57-25.jpg)
ডিজিটেল সংবাদ বৰমাঃ বিশ্বকৰ্মা পূজাৰ মাংগলিক কৰ্মৰ সমান্তৰালভাৱে পূজাৰ দিনটোতেই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে বৰমা মটৰ শ্ৰমিক সন্থাই । বৰমাবাসী ৰাইজৰ সুবিধা হোৱাকৈ মুকলি কৰিলে এখন স্বৰ্গৰথ ।
বৰমা শ্ৰমিক সন্থাৰ জমাধন খৰছ কৰি ৰাইজৰ বাবে মুকলি কৰিলে আজি এই স্বৰ্গৰথখন । স্বৰ্গৰথখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বাক্সা জিলা আয়ুক্ত গৌতম দাসে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি তেওঁ বৰমা মটৰ শ্ৰমিক সন্থাকো প্ৰসংশা কৰে।
বৰমা মটৰ শ্ৰমিক সন্থাৰ সভাপতি লোহিত হালৈয়ে এই সন্দৰ্ভত কয় যে, আমি মটৰ শ্ৰমিক সন্থাই বৰমা অঞ্চলৰ কিছু অভাৱ পূৰণ কৰাৰ বাবে চিন্তা চৰ্চা কৰিছিলোঁ ৷ সেই অনুসৰি বৰমাৰ এটা অতি গুৰুত্বপূৰ্ণ অভাৱ যাৰ জৰিয়তে মৃতকৰ সৎকাৰ কৰাৰ কাৰণে লৈ যোৱা বাহন এখনৰ আৱশ্যক আছিল ৷ সেই সমস্যা আমি সমাধান কৰিবৰ কাৰণে সকলোৱে আলোচনা কৰি সিদ্ধান্ত ললোঁ আৰু অৱশেষত আমাৰ সাঁচতীয়া টকাৰে এখন স্বৰ্গৰথ বৰমাবাসীৰ বাবে উপহাৰ দিলো ৷
আজি শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ আয়ুক্ত গৌতম দাসে স্বৰ্গৰথখন আনুষ্ঠানিকভাবে মুকলি কৰে৷ এই অনুষ্ঠানত বাক্সাৰ জিলা আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ।