/asomiyapratidin/media/media_files/2026/01/21/666-2026-01-21-18-37-46.jpg)
ডিজিটেল সংবাদ, বৰমা : মাগো দমাছি বড়োসকলৰ আন এটি মহান উৎসৱ। এই উৎসৱত বড়ো গাঁৱবোৰত কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা জনাই সন্মান কৰে।
তাৰ পিছত লগে ভাগে সমূহীয়াকৈ বড়োসকলৰ জাতীয় খাদ্য ফিথা লাউদুম, এনথাব, থাউনি ফিথা, জিআই টেগ পোৱা জৌ গিছি, জৌ গোৰান আদিৰ লগতে গাহৰি, মুৰ্গী, হাঁহৰ মাংসৰে এসাঁজ ভাত খায়। ঠিক তেনেদৰে বুধবাৰে বাক্সা জিলাৰ অন্তৰ্গত বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বৰমা অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলক নিমন্ত্ৰণ কৰি বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শ্যামল বসুমতাৰী আৰু মহন্ত বড়োৰ নেতৃত্বত জেষ্ঠ্য সকলক সেৱা জনাই সন্মান কৰে ।
তাৰ আগত একাপ চাহেৰে এনথাব, থাউনি ফিথা আৰু ছৌৰাই খুৱাই আদৰণী জনায়। অনুষ্ঠানটোত বৰমা অঞ্চলৰ বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো হাৰিমু আফাদ, দুলাৰাই বাথৌ মহাসভা আৰু আবোফৰ জেষ্ঠ্য নেতা -কৰ্মী সকলে উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us