/asomiyapratidin/media/media_files/2025/12/07/ddddd-2025-12-07-22-35-52.jpg)
ডিজিটেল সংবাদ শিলচৰ: ২০২৬ চনৰ বিধানসভা সমষ্টিৰ বৰাক উপত্যকাৰ ১৩ টা সমষ্টিৰ ১০ টা সমষ্টিতে বিজেপি জয়ী হ'ব। বাকী তিনিটা সমষ্টিত মিঞা জয়ী হ'ব। দেওবাৰে শিলচৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই।
উদাৰবন্দ সমষ্টিৰ অন্তৰ্গত গান্ধীঘাটত বৰাক নৈৰ ওপৰত ৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা এখন নতুন সেতুৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে। বৰাকৰ স্হানীয় মুছলমান সকলে বিজেপিক ভোট দিয়ে ।
মুছলমানসকলে ভোট দিয়া বাবে বিগত লোকসভা নিৰ্বাচনত কৰিম সংসদীয় সমষ্টিত বিজেপি জয়ী হোৱা বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে। গান্ধী ঘাটত বৰাক নৈত নিৰ্মাণ হ'ব লগা ৩৪০ মিটাৰ দৈৰ্ঘৰ এই নতুন সেতু খনৰ নিৰ্মাণৰ কাম দু বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে বৰাক নৈৰ ওপৰত দুখন পকী সেতু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে লক্ষীপুৰৰ শিলঘাট সহ আন দুখন সেতুৰ কামো শেষ হোৱাৰ পথত ।
ইফালে, শিলচৰৰ প্ৰস্তাবিত ফ্লাই অভাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ফ্লাই অভাৰ নিৰ্মাণৰ সপক্ষে আৰু বিপক্ষে থকা সকলো লোকৰে মতামত গ্ৰহণ কৰি ফ্লাই অভাৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হ'ব। ইতিমধ্যে সকলো পক্ষৰ মতামত গ্ৰহণ কৰি উপায়ুক্তক প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, সম্প্ৰতি ইণ্ডিগো বিমান বন্ধ হোৱাৰ ফলত শিলচৰৰ বিমান যাত্ৰী সকল ভীষণ সমস্যাৰ সন্মুখীন হোৱা, শিলচৰ NIT ত কোকৰাঝাৰ CITৰ দৰে বৰাক আৰু অসমৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় সমগ্ৰ দেশতে দেখা দিয়া এই সমস্যাৰ সমাধান কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।
আজিৰে পৰা এই সমস্যাৰ সমাধান হ'ব। NIT ত সংৰক্ষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অসমৰ বাহিৰত আৰু বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ উচ্চ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে। এইদৰে অহা যোৱা কৰিলেহে ভাৰত হ'ব। NIT ত সুবিধা নোপোৱা ছাত্ৰ ছাত্ৰীয়ে অসমৰ অন্য অভিযান্ত্ৰিক শিক্ষানুষ্ঠান অধ্যয়ন কৰিব পাৰিব।
ইফালে ২০২৬ চনৰ নিৰ্বাচনৰ বাবে উদাৰবন্দ সমষ্টিত বিজেপিৰ বৰ্তমান ১৮ জনে প্ৰাৰ্থীত্ব বিচাৰিছে। নিৰ্বাচনলৈকে ৩০ৰ ঘৰ অতিক্ৰম কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আনহাতে,তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,য'ত প্ৰতিবাদ,তাতে তেওঁ নাই ।
বিপিএফৰ সৈতে মিত্ৰতা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে মুখ্যমন্ত্ৰীয়ে। বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে বিপিএফে মিত্ৰতা নকৰে বুলি ৰিহন দৈমাৰীয়ে কৰা ঘোষণাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়,বিপিএফে মিত্ৰতা নকৰাৰ প্ৰশ্নই নুঠে। ৰিহন দৈমাৰীৰৰ পৰা সকলোৰে ফৰ্মুলা মোৰ হাতত আছে। সকলো ধুনীয়াকৈ তৈয়াৰ হৈ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। দুই এদিনৰ ভিতৰত কংগ্ৰেছৰ ঘৰে ঘৰে গৈ গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি ঘোষনা কৰাৰ পিছত গৌৰৱ গগৈক উদ্দেশ্যি মূখ্যমন্ত্রীৰ মন্তব্য -ইমান দিন যোৱা নাই, এতিয়াতো কংগ্ৰেছৰ ঘৰে ঘৰে যাব লাগে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us