/asomiyapratidin/media/media_files/2026/03/03/216-2026-03-03-21-19-32.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ জাগীয়াল বেবেজীয়াৰ নিবাসী তথা শিক্ষাবিদ-সমাজ সংগঠক নামাচাৰ্য বাপুৰাম দাসৰ নব্বৈ সংখ্যক ওপজা দিনটো মঙলবাৰে মনচুন কলা পৰিষদ স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত বিয়লি উদযাপন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বাপুৰাম দাসৰ ওপজা দিনৰ ওলগৰ অনুষ্ঠানটিত সম্বৰ্ধনা গ্ৰহণ কৰি শিক্ষাবিদ বাপুৰাম দাসে কয় যে জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি বহু কন্টকময় পথৰ মাজেদি আহি আজি নব্বৈটা বসন্ত গৰকা পিছত মনচুন কলা পৰিষদ স্বৰ্ণ শাখা পৰিষদ আৰু ৰাইজে যি মৰম-চেনেহ যাঁচিলে সি সঁচাকৈ মোৰ বাবে চিৰ স্মৰণীয় হৈ ৰ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/whatsapp-ima-2026-03-03-21-22-01.jpeg)
সৰুতে হাল বায় পথাৰত কৃষি কাৰ্য কৰি বহু কষ্টৰে অধ্যয়ন কৰি সংস্থাপন লোৱাৰ পিছতো ঈশ্বৰ উপাসনাৰে ভকতিৰ মাৰ্গত শৰণাপন্ন হৈছিলোঁ বুলি তেওঁ কয়। তেওঁ লগতে কয় সৎ কৰ্মৰ যোগেদি ঈশ্বৰৰ সন্ধান পাব পাৰি । নগাঁও জিলা সাহিত্য সভাৰ সংগঠনিক সম্পাদক তথা ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অবসৰপ্ৰাপ্ত অধ্যক্ষ লৱকান্ত শৰ্মাই আঁত ধৰা আৰু মনচুন কলা পৰিষদ স্বৰ্ণ শাখাৰ সম্পাদক বিষ্ণু প্ৰসাদ লস্কৰে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকাই কয় যে ওপজা দিনৰ উদযাপনে প্ৰেৰণা দিয়ে ।
সভাত শিক্ষা বিভাগৰ পৰিদৰ্শক প্ৰেমেশ্বৰ দাস আৰু শিক্ষাবিদ টংকেশ্বৰ দাসে বাপুৰাম দাসৰ কৰ্মৰাজি আলোকপাত কৰে। একেদৰে সভাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰকাশন পৰিষদৰ আহ্বায়ক মহেশ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া চন্দ্ৰ সেনাপতি আৰু লেখক-- সাংবাদিক দেৱজিৎ হাজৰিকাই শিক্ষাবিদ-সমাজ সংগঠক নামাচাৰ্য বাপুৰাম দাসৰ ওপজা দিনৰ ওলগ জনাই শুভেচ্ছা জ্ঞাপন কৰি শতবৰ্ষ পালন কৰিবলৈ মনচূন কলা পৰিষদৰ উদ্যোক্তা সকলক আহ্বান জনায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/whatsapp-imag-2026-03-03-21-21-42.jpeg)
গাম্ভীৰ্যপূৰ্ণ সভাখনিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৱপ্ৰাপ্ত অধ্যক্ষ তৰুণ দাস , কুজীদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্লভ বৰুৱা, আশীৰ উৰ্ধৰ ব্যক্তি অৰুণ বৰুৱা, হৰকান্ত বৰা, এসময়ৰ ভ্ৰাম্যমাণৰ শিল্পী পুষ্প বৰা, সমাজকৰ্মী বংশী দাস , ঘন দাস , অপূৰ্ব কাকতি, ভক্তি মজুমদাৰ, লোকনাথ বৰা, ৰেৱ হাজৰিকা, দেৱাংগ ভূষণ দাস, কুশী বৰুৱা, নোমল দাস ,কুশেশ্বৰ দাস, শান্তনু শইকীয়া, বকুল শইকীয়া, ভাৰত দাস, মনচন কলা পৰিষদৰ সভাপতি ক্ষীতিশ দাস,সম্পাদক বিষ্ণু প্ৰসাদ লস্কৰ, সূৰ্য ৰাজখোৱা, লক্ষ্য হীৰাকে ধৰি অঞ্চলটোৰ গণ্য-মান্য ব্যক্তি সকলৰ লগতে বাপুৰাম দাসৰ পৰিয়ালবৰ্গ উপস্থিত থাকে । উল্লেখ্য যে শিক্ষাবিদ-সমাজ সংগঠক নামাচাৰ্য বাপুৰাম দাসক সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচা ৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us