/asomiyapratidin/media/media_files/2026/01/19/dhubri-kljsdf-2026-01-19-20-20-39.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ সোমবাৰে বাঁন্সফোৰ যুৱ মঞ্চ, অসমৰ কেন্দ্ৰীয় কমিটীৰ এটি দলে ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়লৈ লৈ আহি চাফাই কৰ্মীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নোহোৱা সন্দৰ্ভত আৰু গৌৰীপুৰ হৰিজন ক'লনীৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত কৰ্মৰত চাফাই কৰ্মীসকলৰ ১৩টা পৰিয়ালৰ বাসগৃহ বিগত বৰ্ষত জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল। উচ্ছেদিত ১৩ টা চাফাই কৰ্মীৰ পৰিয়ালক জিলা প্ৰশাসনে পাছত ঝগৰাৰপাৰ অঞ্চলৰ খাচ মাটিত সংস্থাপন দিছিল।
কিন্তু অতি শীঘ্ৰে সেই উচ্ছেদিত ১৩ টা চাফাই কৰ্মীৰ পৰিয়ালক বেলেগ ঠাইলে স্থানান্তৰ কৰি পৰিয়াল কেইটাক চৰকাৰী সা-সুবিধা প্ৰদানৰ দাবী বাঁন্সফোৰ যুৱ মঞ্চ, অসমৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us