/asomiyapratidin/media/media_files/2025/09/08/gst-bankers-08-2025-09-08-12-32-05.jpg)
ডিজিটেল ডেস্কঃ জি এছ টি পৰিষদে জি এছ টিৰ শ্লেবলৈ অনা পৰিবৰ্তনে ব্যৱহাৰ আৰু ঋণ সম্প্ৰসাৰণ বৃদ্ধি কৰি অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিব বুলি বেংকাৰসকলে মত প্ৰকাশ কৰিছে। যোৱা বুধবাৰে জি এছ টি পৰিষদে জিএছটি ব্যৱস্থাত এক ব্যাপক সংস্কাৰৰ অনুমোদন জনায়।
এই সিদ্ধান্তৰ ফলত চুলিৰ তেলৰ পৰা কৰ্ণ ফ্লেক্সৰ দৰে খাদ্যলৈ, ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমা পলিচিৰ পৰা আন বহু সাধাৰণভাৱে ব্যৱহৃত সামগ্ৰী আদিৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে আগবাঢ়ি যোৱাৰ লগে লগে আৰ্থিক ৰূপান্তৰৰ এই প্ৰক্ৰিয়াত, ৫ শতাংশ আৰু ১৮ শতাংশৰ দুটা স্তৰৰ সৰলীকৃত জিএছটি গাঁথনি কৰা হৈছে। লগতে গুটখা, সুৰা আদিৰ দৰে পাপজনিত সামগ্ৰীৰ ওপৰত ৪০ শতাংশ কৰৰ ব্যৱস্থাই ভাৰতৰ পৰোক্ষ কৰ সংস্কাৰৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ হিচাপে চিহ্নিত হৈছে, বুলি ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ৰ অধ্যক্ষ চি এছ চেট্টীয়ে উল্লেখ কৰিছে।
গৃহস্থালী সামগ্ৰী, যিবোৰৰ ওপৰত পূৰ্বতে ১২ শতাংশ আৰু ১৮ শতাংশ কৰ আৰোপ কৰা হৈছিল, সেইবোৰ এতিয়া ৫ শতাংশ কৰ শ্ৰেণীৰ অধীনলৈ নমাই অনা হৈছে। ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ জৰিয়তে সাধাৰণ নাগৰিকে সুস্পষ্ট সকাহ লাভ কৰিব আৰু তেওঁলোকৰ হাতত থকা আয় বৃদ্ধি পাব বুলি চেট্টীয়ে কয়।
তেওঁ আৰু কয়, "বৃহত্তৰ ক্ৰয় ক্ষমতাৰ ফলত চাহিদা আৰু ঋণ সম্প্ৰসাৰণ বৃদ্ধি পাব, যিয়ে অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰিব। একেদৰে, বীমা খণ্ডও নিম্ন প্ৰিমিয়ামৰ জৰিয়তে লাভান্বিত হ’ব, যাৰ ফলত সুৰক্ষাৰ পৰিসৰ বৃদ্ধি পাব আৰু বীমাৰ প্ৰসাৰ বাঢ়িব।"
পঞ্জাব নেশ্যনেল বেংক (পি এন বি)ৰ ব্যৱস্থাপনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অশোক চন্দ্ৰই একে মত প্ৰকাশ কৰি কয় যে এই সংস্কাৰৰ ফলত বেংকিং খণ্ড যথেষ্ট লাভৱান হ’ব। বিশেষকৈ খুচৰা, কৃষি, এমএছএমই, আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত ঋণ আৰু আৰ্থিক সেৱাৰ চাহিদা বৃদ্ধিৰ জৰিয়তে বেংকিং খণ্ড লাভাম্বিত হ’ব।
২২ ছেপ্টেম্বৰ, ২০২৫ৰ পৰা প্ৰায় ৩৯৬টা সামগ্ৰীৰ ক্ষেত্ৰত কাৰ্যকৰী হ’বলগীয়া জিএছটি ২.০ সংস্কাৰে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থাৰ এক উল্লেখযোগ্য উন্নতিৰ প্ৰতিনিধিত্ব কৰে। চন্দ্ৰই কয়, এই সংস্কাৰে সামগ্ৰী আৰু সেৱাৰ ঘৰুৱা চাহিদা বৃদ্ধি কৰিব, মূল মুদ্ৰাস্ফীতি হ্ৰাস কৰাত সহায় কৰিব আৰু বৰ্ধিত তথা হাতত থকা আয় আৰু উন্নত নিয়ম পালনৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ পথ মুকলি কৰিব।
চেট্টীয়ে আৰু কয় যে বিভিন্ন সামগ্ৰীৰ ওপৰত জিএছটি হাৰ হ্ৰাসৰ ফলত মূল মুদ্ৰাস্ফীতি (headline CPI) হ্ৰাস হ’ব বুলি আশা কৰা হৈছে। কিয়নো সাধাৰণ ব্যৱহাৰৰ সামগ্ৰীৰ দাম কমিব। অৱশ্যে চৰকাৰে জিএছটি হাৰ হ্ৰাসৰ ফলত ৰাজহত ৪৮,০০০ কোটি টকাৰ প্ৰভাৱ পৰিব। এই পদক্ষেপৰ প্ৰভাৱ তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী দুয়োটাই হ’ব।