হাছিনাৰ অনুপস্থিতিত কি বিচাৰ কৰি দিয়া হ'ল মৃত্যুদণ্ড! আৱামী লীগে কপাঁব বাংলাদেশ...

ভাৰতত থাকিয়েই বাংলাদেশ কপাঁব ক্ষমতাচ্যুত হৈ পলায়ন কৰা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। ইতিমধ্যে অহা ৩০নৱেম্বৰৰ লৈকে হাছিনা নেতৃত্বাধীন ৰাজনৈতিক দল আৱামী লীগে দেশজোৰা আন্দোলন তথা প্ৰতিবাদী সমদল বাহিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ভাৰতত থাকিয়েই বাংলাদেশ কপাঁব ক্ষমতাচ্যুত হৈ পলায়ন কৰা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। ইতিমধ্যে অহা ৩০নৱেম্বৰৰ লৈকে হাছিনা নেতৃত্বাধীন ৰাজনৈতিক দল আৱামী লীগে দেশজোৰা আন্দোলন তথা প্ৰতিবাদী সমদল বাহিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সিদ্ধান্তক একপক্ষীয় আৰু প্ৰতিশোধ পৰায়ণ আখ্যা দি এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৰাজনৈতিক বিৰোধী দলটোৱে। 

শ্বেইখ হাছিনাক মৃত্যুদণ্ড আৰু দেশৰ পৰা খেদি পঠোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব আৱামী লীগে।  ১৭ নৱেম্বৰ, ২০২৫ত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে  হাছিনাৰ অনুপস্থিতিত অনুষ্ঠিত হোৱা বিচাৰৰ পিছত তেতিয়াৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলৰ সৈতে ৭৮ বছৰীয়া হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা কাৰ্যক অবৈধ আখ্যা দিছে আৱামী লীগে।

আৱামী লীগে অভিযোগ কৰিছে যে, দেশখনৰ আগন্তুক নিৰ্বাচন প্ৰক্ৰিয়াৰ পাৰ হাছিনাক আঁতৰাই ৰখাৰ বাবেই এই ষড়যন্ত্ৰ কৰিছে বৰ্তমানৰ চৰকাৰখনে। ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে আৱামী লীগে। এই সন্দৰ্ভত সামাজিক মাধ্যমযোগেও প্ৰতিবাদ আৰম্ভ কৰিছে দলটোৱে।  এনে ষড়যন্ত্ৰক উফৰাই দিয়া হ'ব বুলিও প্ৰত্যাহ্বান জনাইছে শ্বেইখ হাছিনাৰ আৱামী লীগে। 

বাংলাদেশ বাংলাদেশ সীমান্ত ভাৰত-বাংলাদেশ