গৌৰীপুৰত আটক বাংলাদেশী মহিলা : ৯গৰাকীকৈ মহিলা বিক্ৰীৰ অভিযোগ

ধুবুৰীৰ গৌৰীপুৰত আটক কৰা হৈছে এগৰাকী বাংলাদেশী মহিলা। বাংলাদেশৰ পৰা দালালে ভাৰতীয় আধাৰ কাৰ্ড বনাই দিল্লীত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
524

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ গৌৰীপুৰত আটক কৰা হৈছে এগৰাকী বাংলাদেশী মহিলা। বাংলাদেশৰ পৰা দালালে ভাৰতীয় আধাৰ কাৰ্ড বনাই দিল্লীত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে। বিদেশী মহিলাগৰাকীয়ে দিল্লীৰ পৰা পলাই কোচবিহাৰ হৈ উপস্থিত হয় গৌৰীপুৰত।

বৰ্তমানে গৌৰীপুৰ আৰক্ষীয়ে সমগ্ৰ বিষয়ত তদন্ত অব্যাহত ৰাখিছে। পৰিকল্পিতভাৱে বাংলাদেশৰ ৰুবিয়া ভাৰতত উপস্থিত হৈ ঝুমুৰ ৰায় নাম গ্ৰহণ কৰে। এই সমগ্ৰ বিষয়ত আন কিবা ৰহস্য আছে নে মহিলাগৰাকীয়ে সঁচা কথা কৈছে সেয়া এতিয়া স্পষ্ট হোৱা নাই।

উল্লেখযোগ্য যে, সমগ্ৰ ঘটনাৰ লগত গৌৰীপুৰ পপুলাৰ হাস্পটল নামৰ ব্যক্তিগত নাৰ্চিং হোমখনৰ কি সম্পৰ্ক সেয়াও সন্দেহৰ আৱৰ্তত। বংগৰ কোচবিহাৰ আৰক্ষীয়ে কিয় মহিলাগৰাকীক পঠালে গৌৰীপুৰ লৈ, সেই সম্পৰ্কতো আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে। জানিব পৰা মতে ৯গৰাকীকৈ মহিলাক কামৰ নামত ভাৰতত বিক্ৰী কৰাৰ অভিযোগ আছে আটকাধীন মহিলাগৰাকীৰ বিৰুদ্ধে। প্ৰণিধানযোগ্য যে, ভাৰত- বাংলা সীমান্তত আজিও অবৈধ বাংলাদেশী প্ৰব্ৰজন অব্যাহত আছে।

গৌৰীপুৰ