/asomiyapratidin/media/media_files/2025/09/12/ddsasasasasasssss-2025-09-12-17-13-59.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰূদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীৰ। বৰাক উপত্যকাৰ শ্ৰী ভূমি জিলাত অবৈধভাবে প্ৰৱেশ কৰা ৩৯ গৰাকী বাংলাদেশীক আটক কৰে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/whatsapp-image-2025-0-2025-09-12-17-12-26.jpeg)
সীমান্তৰে ভাৰতত অবৈধভাবে প্ৰৱেশ কৰা বাংলাদেশী কেইগৰাকীক আটক কৰি আৰক্ষীয়ে স্ব-গৃহলৈ উভতাই পঠিয়ায়। বাংলাদেশলৈ উভতাই পঠিওৱা বাংলাদেশী কেইগৰাকীৰ ভিতৰত কেইবাটিও শিশু, মহিলা আৰু পুৰুষ আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/capturefg-2025-09-12-17-13-28.jpg)
বাংলাদেশী কেইগৰাকীক স্ব-দেশলৈ উভতাই পঠিওৱা বিষয়টো ইতিমধ্যে সামাজিক মাধ্যমত ফটোসহ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "অসম অনুপ্ৰৱেশকাৰীৰ বাসস্থলী নহয় ৷ অবৈধভাৱে প্ৰৱেশ কৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম৷"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us