ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ৰ কিছু ঘটনাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক কিছু পৰিমাণে ফাঁট মেলিছিল । বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিছিল ভাৰতে । যাৰ ফলত ভাৰত-বাংলা এই দুই ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ যেন ক্ৰমশ অৱনমিত হৈছে ।
উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত আছে অন্তৱৰ্তীকালীন চৰকাৰ । ভাৰত-বাংলা সম্পৰ্কত ফাঁট মেলাৰ সুযোগ বুজি ভাৰতৰ বৈৰী ৰাষ্ট্ৰ চীনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাইছিল ইউনুছ চৰকাৰে ।
কিন্তু শেহতীয়া এক ঘটনাই পুনৰ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । কিয়নো পুনৰ বাৰ ভাৰতৰ পৰা সহায় বিচাৰিছে বাংলাদেশে । ভাৰত-বাংলাদেশৰ সম্পর্কত প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও প্রয়োজনীয় সময়ত ভাৰতে বাংলাদেশক সহায় কৰাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে দৃঢ়তাৰে থিয় দিছে৷ বাংলাদেশৰ পৰা সঘনাই অভিযোগ উত্থাপন হোৱাৰ পাছতো নতুন দিল্লীয়ে নিজৰ ‘চুবুৰী প্ৰথম’ নীতিৰ অধীনত সহায় আগবঢ়াইছে বাংলাদেশলৈ ।
খাদ্য যোগানৰ সংকট আৰু আকাশলংঘী মুদ্ৰাস্ফীতিৰ মাজতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ পৰা ৫০ হাজাৰ টন চাউল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে । উল্লেখযোগ্য যে চুবুৰীয়া দেশখনে এই চাউল ৰাজ্যৰ পৃষ্ঠপোষকতাত খাদ্য বিতৰণ কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰিব আৰু ভাৰতে ইয়াক
বাংলাদেশৰ বিত্ত উপদেষ্টা ছালেহুদ্দিন আহমেদৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা পৰামৰ্শদাতা সমিতিৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত বাংলাদেশৰ খাদ্য মন্ত্ৰালয়ে মেছাৰ্ছ বাগাডিয়া ব্ৰাদাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা প্ৰতি টনত ৪৫৬.৬৭ মাৰ্কিন ডলাৰত চাউল আমদানি কৰাৰ পৰিকল্পনা কৰিছে।
বাংলাদেশৰ খাদ্য মন্ত্ৰালয়ৰ মতে বাংলাদেশত চলিত বৰ্ষৰ ১৭ ডিচেম্বৰলৈ ৭ লাখ ৪২ হাজাৰ টন চাউলকে ধৰি ১.১১৪৮ মিলিয়ন টন খাদ্য মজুত আছিল । চলিত বিত্তীয় বৰ্ষত ২.৬২৫ টন খাদ্য শস্য আমদানি কৰিছে। য’ত ৫৪,১৭০ টন চাউলো অন্তৰ্ভুক্ত আছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰে বিভিন্ন মাধ্যমেৰে ২০.৫২ মিলিয়ন টন খাদ্য শস্য বিতৰণৰ পৰিকল্পনা কৰিছে।
মন কৰিবলগীয়া যে চাউলৰ উপৰিও বাংলাদেশে লিকুইফাইড নেচাৰেল গেছ (এল এন জি) আৰু সাৰ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। খবৰ অনুসৰি চুবুৰীয়া দেশখনে ছুইজাৰলেণ্ডৰ মেছাৰ্ছ টোটেলএনাৰ্জিজ গেছ এণ্ড পাৱাৰ লিমিটেডৰ পৰা এল এন জি কাৰ্গো ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। যাৰ মূল্য প্ৰতি এমএমবিটিইউত ১৪.২৫ ডলাৰ ।
ইয়াৰ উপৰিও উদ্যোগ মন্ত্ৰালয়ে মধ্যপ্ৰাচ্যৰ দেশ কাটাৰ আৰু চৌদি আৰৱৰ পৰাও ৯০ হাজাৰ টন ইউৰিয়া ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে।
খাদ্য যোগান সুস্থিৰ কৰাৰ লগতে অৰ্থনীতি উন্নীত কৰাৰ প্ৰয়াসত বাংলাদেশৰ ট্ৰেডিং কৰ্পৰেশ্যনে (টিচিবি) স্থানীয় উদ্যোগসমূহৰ সৈতে যোগাযোগ কৰিছে। ঢাকাৰ শ্বেখ এগ্ৰ’ ফুড ইণ্ডাষ্ট্ৰীজৰ পৰা তেওঁলোকে প্ৰতি কিলোগ্ৰামত ৯৫.৪০ টকা খৰচ কৰি ১০ হাজাৰ টন মচুৰ দাইল ক্ৰয় কৰিব। ইয়াৰ লগতে টিচিবিয়ে ঢাকাস্থিক এক স্থানীয় উদ্যোগৰ পৰা ১১ মিলিয়ন লিটাৰ ছয়াবিন তেল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে ।