/asomiyapratidin/media/media_files/2025/12/19/bhhdd-2025-12-19-09-45-24.jpg)
ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হৈছে বাংলাদেশ। প্ৰতিবাদকাৰীৰ ক্ষোভ অগনিত জ্বলিছে বাংলাদেশ। শেহতীয়াকৈ বাংলাদেশৰ ছাত্ৰ বিদ্ৰোহৰ অন্যতম নেতা ওছমান হাদীৰ ছিংগাপুৰত মৃত্যুৰ পাছতে জ্বলি উঠিছে বাংলাদেশ।
উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশৰ ছাত্ৰ নেতা ওছমান হাদীক অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াইছিল। ছাত্ৰ নেতাগৰাকীৰ মূৰত লাগিছিল গুলী। যাৰ পিছত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পিছতে তেওঁক উন্নত চিকিতসাৰ বাবে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ মৃত্যু হয়।
ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ পাছতে বাংলাদেশ চৰকাৰে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছে হাদীৰ মৃত্যুক এগৰাকী নিৰ্ভীক যোদ্ধাৰ প্ৰয়াণ বুলি ঘোষণা কৰে। কিন্তু চৰকাৰৰ এই ঘোষণাৰ পাছতো বাংলাদেশ পুনৰ অশান্ত হৈছে।
প্ৰতিবাদকাৰীয়ে দোষীক অচিৰেই কৰায়ত্ত কৰি ফাঁচীৰ দাবী তুলিছে। প্ৰাক্তন মন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে সংবাদ মাধ্যমৰ কাৰ্যালয়তো আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰী সকলক শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে ইউনুছে। আনফালে প্ৰধানমন্ত্ৰী ইউনুছে শুকুৰবাৰে জৰুৰী কেবিনেটৰো আহ্বান কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us