ভাৰতৰ পিয়নতকৈ কম দৰমহা বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ!

বাংলাদেশত চলি আছে সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত যিটো দল জয়ী হয় সেই দলেই গঠন কৰিব চৰকাৰ, হ’ব নতুন প্ৰধানমন্ত্ৰী। কিন্তু আপুনি জানেনে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাহিলী দৰমহা

author-image
Asomiya Pratidin
New Update
hdhhd

ডিজিটেল ডেস্কঃ বাংলাদেশত চলি আছে সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত যিটো দল জয়ী হয় সেই দলেই গঠন কৰিব চৰকাৰ, হ’ব নতুন প্ৰধানমন্ত্ৰী। কিন্তু আপুনি জানেনে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাহিলী দৰমহা কিমান?  বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মাহিলী দৰমহা হৈছে বাংলাদেশী টাকাৰ হিচাপত ১, ১৫,০০০হাজাৰ টকা। ভাৰতীয় হিচাপত এই ধনৰ পৰিমাণ হ’ব প্ৰায় ৮৫হাজাৰ টকা।

অৱশ্যে এই দৰমহাৰ বাহিৰেও বাংলাদেশৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে লাভ কৰে অন্যান্য কিছু ভাট্টা আৰু সা-সুবিধা। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে লাভ কৰে প্ৰায় ১.৬০লাখ টকাৰ মাহিলী দৰমহা। ইয়াৰ বাহিৰেও অন্যান্য বহুকেইটা ভাট্টাও লাভ কৰে মাহিলী। সকলো মিলাই প্ৰায় ৪লাখ লক্ষাধিক ধন মাহিলী লাভ কৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০১৬চনতহে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দৰমহা বৃদ্ধি কৰা হৈছিল। ইয়াৰ আগতে বাংলাদেশৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে লাভ কৰিছিল মাত্ৰ ৫৮হাজাৰ টকাৰ দৰমহা। ইফালে ভাৰতত বৰ্তমান অষ্টম দৰমহা আয়োগ অনুসৰি কৰ্মচাৰী সকলে লাভ কৰে দৰমহা।

এই আয়োগৰ দৰমহা অনুসৰি কেন্দ্ৰীয় চৰকাৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহাও ৬০হাজাৰৰ পৰা ১.৩৫লাখ টকা। এনে পৰিপ্ৰেক্ষিতত বাংলাদেশৰ নিৰ্বাচনৰ সময়ত চৰ্চা হৈছে যে, ভাৰতৰ এগৰাকী পিয়নৰ দৰমহাও বাংলাদেশৰ পি এমতকৈ বেছি। 

বাংলাদেশ