মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ ৰাজনৈতিক নেতাৰ মৃতদেহ...

মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ ৰাজনৈতিক নেতাৰ মৃতদেহ...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে মেঘালয়ত উদ্ধাৰ হৈছে বাংলাদেশৰ এগৰাকী ৰাজনৈতিক নেতাৰ মৃতদেহ। নেতাগৰাকী আৱামী লীগৰ ইছাক আলী খান পান্না বুলি চিনাক্ত কৰা হৈছে। উনকিয়াঙৰ এখন তামোলৰ বাগিচাত নেতাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, শ্বেখ হাছিনা চৰকাৰৰ প্রভাৱশালী নেতা আছিল ইছাক আলী খান। ইছাক আলী খানৰ মৃতদেহ উদ্ধাৰৰ পাছতে মেঘালয় আৰক্ষীয়ে বাংলাদেশৰ উচ্চায়ুক্তৰ সৈতে ঘটনা সন্দৰ্ভত যোগাযোগ কৰিছে।

বাংলাদেশৰ ফিৰোজপুৰ জিলাৰ আৱামী লীগৰ নেতা আছিল ইছাক আলী খান। বিশেষ সূত্ৰৰ তথ্য অনুসৰি, বাংলাদেশৰ ছাত্র বিদ্রোহৰ সময়ত আত্মগোপন কৰিছিল নেতাগৰাকীয়ে।

Also Read: সলনি হ'ল ছোৱালীৰ বিয়াৰ বয়স!

BANGLADESH LEDEAR meghalaya