/asomiyapratidin/media/media_files/2025/08/08/bangladesh-8-2025-08-08-17-16-33.jpg)
ডিজিটেল ডেস্কঃ বাংলাদেশৰ ঢাকাত সাংবাদিক হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে Press Emblem Campaign চমুকৈ পি ই চিয়ে। উল্লেখ্য যে, বাংলাদেশৰ ৰাজধানী ঢাকাৰ কাষৰ গাজীপুৰত মহম্মদ আছাদুজ্জামান তুহিন নামৰ সাংবাদিকগৰাকী হত্যাৰ বলি হয়। এই ঘটনাৰ তীব্ৰ নিন্দা জনাই পি ই চিয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰত এই হত্যাকাণ্ডৰ উচিত ন্যায়ৰ তদন্তৰে দোষীৰ কঠোৰ শাস্তি দাবী জনাইছে।
স্মৰ্তব্য. মৈমনসিংহৰ এক সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত ৪০ বছৰীয় সাংবাদিকগৰাকী গাজীপুৰৰ এখন চাহৰ দোকানত বহি থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত প্ৰাণ হেৰুৱায়।
ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ মতে, তুহিনে স্থানীয় বজাৰত কিছু চান্দাজীৱিয়ে বিক্ৰেতাৰ পৰা জোৰ কৰি ধন লোৱাৰ দৃশ্যৰ ভিডিঅ’ সংগ্ৰহ কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ মাজত প্ৰথমে বিতৰ্ক হয় আৰু তাৰ পিছতেই তেওঁক আক্ৰমণ কৰি হত্যা কৰে।
এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পি ই চিৰ সভাপতি ব্লেইজ লেমপেনে কয়, "এখন ব্যস্ত বজাৰত এগৰাকী সাংবাদিকক হত্যাৰ ঘটনা অত্যন্ত দুখজনক। গণতন্ত্ৰত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰা চৰকাৰৰ দায়িত্ব।" তেওঁ আৰু কয়, “যোৱা ২৫ জুন তাৰিখে ঢাকাৰ নবীনগৰত আন এজন সাংবাদিক খন্দকাৰ শ্বাহ আলমকো হত্যা কৰা হৈছিল।”
পি ই চিৰ দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, তুহিনৰ হত্যাৰ পূৰ্বেই গাজীপুৰ ছাহাপাৰাত দৈনিক "বাংলাদেশের আলো" পত্রিকাৰ সাংবাদিক অনোৱাৰ হুছেইন সৌৰভকো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। তেখেত বৰ্তমান চিকিৎসাধীন।
এইবছৰৰ ১ জানুৱাৰীৰ পৰা আজি পৰ্যন্ত বিশ্বজুৰি ৯৫ জন সংবাদকৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। ফিলিপাইনছত ৰেডিঅ’ সাংবাদিক আৰৱিন লাবিতাড ছেগোভিয়াৰ হত্যা, ভাৰতত ৫ জন (মুকেশ চন্দ্ৰকাৰ, ৰাঘবেন্দ্ৰ বাজপেয়ী, সহদেৱ ডে, ধৰ্মেন্দ্ৰ চৌহান, চিন্তাকায়ালু নৰেশ কুমাৰ), পাকিস্তানত ৩ জন আৰু নেপালত ১ জন সাংবাদিকৰ হত্যাকাণ্ড সংঘটিত হৈছে।
বাংলাদেশৰ অন্তর্বর্তীকালীন চৰকাৰ প্রধান ড° মহম্মদ ইউনুছে সংবাদমাধ্যমৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ আশ্বাস দিলেও পি ই চিয়ে কয় যে, "এই আশ্বাস বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত হ’ব লাগিব।" তাৰোপৰি পি ই চিয়ে তুহিন আৰু শ্বাহ আলম হত্যাৰ দোষীক আইনৰ আওতালৈ অনাৰ দাবী জনাইছে।