/asomiyapratidin/media/media_files/2025/08/23/web-ap-bangladesh-2025-08-23-11-41-51.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্বত্ৰে যেন শাসক আৰু চৰকাৰী পক্ষৰ ৰোষত পৰিছে সংবাদ মাধ্যম। সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰাত উঠিপৰি লাগিছে চৰকাৰী যন্ত্ৰ। বিশেষকৈ ৰাজনৈতিক, সামাজিক ভাৱে অশান্ত দক্ষিণ এছিয়াত এই প্ৰৱণতা অধিক বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।
অন্তৱৰ্তীকালীন চৰকাৰৰ নিয়ন্ত্ৰণত থকা বাংলাদেশতো এতিয়া সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাত জপিয়াই পৰিছে শাসকযন্ত্ৰ। বৃহস্পতিবাৰে দেশখনৰ সংবাদ মাধ্যমে পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বক্তব্য প্ৰচাৰ কৰাৰ পিছতেই এতিয়া চৰকাৰী যন্ত্ৰৰ ৰোষত পৰিছে।
নবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে শুকুৰবাৰে দেশখনৰ সংবাদ মাধ্যমক চূড়াম্ত সকিয়নি প্ৰদান কৰি কয় যে, কোনো সংবাদ মাধ্যমে যদি শ্বেইখ হাছিনাৰ ভাষণ সম্প্ৰচাৰ কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লক্ষ্যণীয় বিষয় যে, এই অন্তৱৰ্তীকালীন চৰকাৰখনেই এতিয়া একাংশ মৌলবাদী শক্তিৰ ছায়াত আশ্ৰয় লৈছে বুলি শেহতীয়াকৈ নানান অভিযোগ উত্থাপন হৈছে। সেই চৰকাৰেই এতিয়া সংবাদ মাধ্যমৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে বাংলাদেশৰ একাংশ সংবাদ মাধ্যমে শ্বেইখ হাছিনাৰ ভাষণ সম্প্ৰচাৰ কৰাৰ পিছতে মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে।ছ দেসখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰেছ উইঙে এক বিবৃতিত এই সন্দৰ্ভত কয় যে ভৱিষ্যতে কোনোবাই শ্বেইখ হাছিনাৰ ভাষণ প্ৰকাশ কৰিলে তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
বিবৃতিটোত আৰু কোৱা হৈছে যে যদি বাংলাদেশৰ টেলিভিছন, বাতৰি কাকত আৰু অনলাইন মাধ্যমত অপৰাধমূলক অপৰাধ, গণহত্যা আৰু মানৱতাৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগত অভিযুক্ত পলাতক আৱামী লীগৰ নেতৃ শ্বেইখ হাছিনা আৰু ‘নিষিদ্ধ সংগঠন’ৰ অডিঅ’ সম্প্ৰচাৰ কৰে তেন্তে ইয়াক ২০০৯ চনৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ গুৰুতৰ উলংঘা বুলি গণ্য কৰা হ’ব।
ইয়াৰ উপৰিও চৰকাৰী বিবৃতিত সংবাদ মাধ্যমক শ্বেইখ হাছিনাক একনায়ত্ববাদী আখ্যা দি কয় যে, যোৱা বছৰৰ ডিচেম্বৰ মাহতে প্ৰাক্তন একনায়কত্ববাদীজনৰ বাবে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ঘৃণামূলক ভাষণ সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। স্মৰ্তব্য যে, যোৱা বছৰৰ ৫ আগষ্টত হোৱা গণ প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি বাংলাদেশ এৰি ভাৰতত আশ্ৰয় লৈছিল আৱামী লীগৰ নেত্ৰী হাছিনাই।
বৰ্তমান তেওঁ দিল্লীত থকা বুলি সংবাদ প্ৰচাৰ হৈ আছে। দিল্লীৰ পৰাই তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে ধাৰাবাহিকভাৱে বাংলাদেশৰ জনতাক সম্বোধন কৰি আছে। ইউনুছ চৰকাৰৰ বিভিন্ন ‘জনবিৰোধী’ নীতিকো সমালোচনা কৰিছে।ইতিমধ্যে ইউনুছ চৰকাৰে হাছিনাৰ দল বাংলাদেশ আৱামী লীগক ‘নিষিদ্ধ’ ঘোষণা কৰিছে।