/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-23-16-55.jpg)
ডিজিটেল ডেস্কঃ এজনৰ পাছত আন এজনকৈ হিন্দু লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বাংলাদেশত। পুনৰ আন এজন হিন্দু যুৱকক হত্যা বাংলাদেশত। শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে সুনামগঞ্জ জিলাত। নিহত যুৱকজনৰ নাম জয় মহাপাত্ৰ বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/onecms/images/uploaded-images/2026/01/10/461a7d5b387065a9a200dd64ec4c839c17680432410451313_original-223608.jpg?impolicy=abp_cdn&imwidth=1200&height=675)
উল্লেখযোগ্য যে- পৰিয়ালৰ অভিযোগ মতে, জয় মহাপাত্ৰক প্ৰথমে নৃশংসভাৱে প্ৰহাৰ কৰিছিল আৰু তাৰ পাছত স্থানীয় এজন লোকে বিষাক্ত দ্ৰব্য খুৱাইছিল। তেওঁক সংকটজনক অৱস্থাত চিলেটৰ মেগ ওচমানী মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হোৱাৰ কথা অৱগত কৰে।এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us