/asomiyapratidin/media/media_files/2026/01/25/1-2026-01-25-16-59-21.jpg)
ডিজিটেল ডেস্কঃ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা আক্ৰমণ, হত্যা, হিংসাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে। পোহৰলৈ আহিছে আন এক মৰ্মান্তিক ঘটনা। পুনৰ বাংলাদেশত আন এজন ২৩ বছৰীয়া হিন্দু যুৱকক এটা গেৰেজৰ ভিতৰত জীৱিত অৱস্থাত জ্বলাই দিয়াৰ ঘটনা সংঘটিত হয়। মৃত যুৱকজনৰ নাম চঞ্চল ভৌমিক বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-20-2026-01-25-17-01-23.jpeg)
ঘটনাৰ বিৱৰণী মতে, নাৰ্ছিন্দি পুলিচ লাইনৰ সমীপৰ মছজিদ মাৰ্কেট এলেকাৰ গেৰেজত কাম কৰা চঞ্চল ভৌমিকে পূৰ্বৰ দৰে কাম শেষ কৰি গেৰেজৰ ভিতৰতে শুবলৈ লৈছিল । ইপিনে নিশা এজন অচিনাক্ত লোকে বাহিৰৰ পৰা গেৰেজৰ শ্বাটাৰ বন্ধ কৰি পেট্ৰল ঢালি গেৰেজত জুই লগাই দিয়ে। হত্যাৰ উদ্দেশ্যেৰে গেৰেজত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে সেই অভিযুক্তৰ বিৰুদ্ধে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-20-2026-01-25-17-01-58.jpeg)
উল্লেখ্য যে, চিচিটিভি ফুটেজত সকলো দৃশ্য দেখা পোৱা যায়। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে, অভিযুক্তই গেৰেজৰ বাহিৰত বহু সময় থিয় হৈ তকা দেখা পোৱা গৈছিল। তাক কিছু সময় পাছতে সেই স্থানৰ পৰা অভিযুক্তই পলায়ন কৰিছিল। স্থানীয় ৰাইজে অগ্নিকাণ্ড দেখি অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হয় আৰু প্ৰায় এঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে। তাৰ কিছু সময় পাছত গেৰেজৰ ভিতৰৰ পৰা উদ্ধাৰ হয় চঞ্চল ভৌমিকৰ জ্বলি যোৱা মৃতদেহ। বাংলাদেশৰ বিভিন্ন প্ৰান্তত হিন্দুসকলক লক্ষ্য কৰি লোৱাৰ অনুৰূপ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ বাবে নাম প্ৰকাশ নকৰাকৈয়ে কেইবাজনো স্থানীয় বাসিন্দাই ধৰ্মীয় উদ্দেশ্যৰ সন্দেহ প্ৰকাশ কৰে। অৱশ্যে এই উদ্দেশ্য এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us