/asomiyapratidin/media/media_files/2026/01/05/whatsapp-im-2026-01-05-15-58-37.jpeg)
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল । এই প্ৰতিযোগিতাৰ ৰোমাঞ্চে স্পৰ্শ কৰে সমগ্ৰ ক্ৰিকেট বিশ্বক। পিছে এই ৰোমাঞ্চ তথা উন্মাদনাৰ পৰা বঞ্চিত হ’ব বাংলাদেশী ক্ৰিকেটপ্ৰেমী। কিয়নো চৰকাৰে দেশখনত আই পি এল ৰ সম্প্ৰচাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। শেহতীয়াকৈ বাংলাদেশ চৰকাৰে জাৰী কৰা এক বিবৃতিত উল্লেখ কৰিছে যে- এতিয়াৰে পৰা দেশখনৰ কোনো টিভি চেনেল বা ডিজিটেল প্লেটফৰ্মত আই পি এল ৰ খেলসমূহ প্ৰদৰ্শিত কৰিব নোৱাৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-16-01-37.jpeg)
উল্লেখযোগ্য যে, তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছ দলৰ পৰা বাদ দিয়াৰ পাছতে ৫ জানুৱাৰীত এই কঠোৰ নিৰ্দেশ জাৰি কৰা হয়। ইপিনে বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই উল্লেখ কৰে যে- শেহতীয়া পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে। বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ বাতৰিক কেন্দ্ৰ কৰি ভাৰতৰ কেইবাটাও ৰাজনৈতিক আৰু সামাজিক সংগঠনে বাংলাদেশী খেলুৱৈৰ অংশগ্ৰহণৰ বিৰোধিতা কৰি আহিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-16-01-50.jpeg)
ইয়াৰ পৰিপ্ৰেক্ষিততে দেশখনৰ ক্ৰীড়া মন্ত্ৰালয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক আই পি এল ৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ অনুৰোধ জনাই। ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে জড়িত ড° আছিফ নজৰুলে এক ছ'চিয়েল মিডিয়া পষ্টৰ জৰিয়তে মুস্তাফিজুৰৰ সৈতে হোৱা ব্যৱহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বাংলাদেশী ক্ৰিকেটাৰৰ অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে। আনপিনে কেৱল আই পি এল ৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাই নহয়, বাংলাদেশে ভাৰতৰ বিৰুদ্ধে আন কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মুস্তাফিজুৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে বাংলাদেশে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত বাংলাদেশে আইচিচিৰ ওচৰত আনুষ্ঠানিক আবেদন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us