/asomiyapratidin/media/media_files/2025/12/30/web-bang-2025-12-30-08-40-05.jpg)
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ হাতত হাৰ মানিলে খালেদা জিয়াই। খালেদা জিয়া আছিল বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। মঙলবাৰে তেওঁৰ দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে এই খবৰ নিশ্চিত কৰে।
চিকিৎসকৰ দলে জানিবলৈ দিয়া অনুসৰি লিভাৰ চিৰ’ছিছ ৰোগত আক্ৰান্ত আছিল ৮০ বছৰীয়া খালেদা জিয়া। লগতে শেহতীয়াকৈ বাতবিষ আৰু ডায়েবেটিছ ৰোগতো ভুগিছিল নেত্ৰীগৰাকী। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে ২০২৪ চনৰ ৬ আগষ্টত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল খালেদা জিয়া। তাৰ পিছত তেওঁ উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ যায়, য’ত চাৰি মাহ থকাৰ পিছত ৬ মে’ত বাংলাদেশলৈ উভতি যায়।
উল্লেখযোগ্য যে, খালেদা জিয়াই দুবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, প্ৰথমে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু দ্বিতীয়তে ২০০১ চনৰ পৰা ২০০৬ চনলৈকে। তেওঁৰ ডাঙৰ পুত্ৰ বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে ২০০৮ চনৰ পৰা লণ্ডনত বাস কৰিছিল আৰু এই মাহতে বাংলাদেশলৈ উভতি আহিছিল।
খালেদা জিয়াই ১৯৮৪ চনত বিএনপি দলটোৰ দায়িত্ব লৈছিল। ১৯৯১ চনত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত জয়ী হৈ বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৈছিল খালেদা জিয়া। খালেদা জিয়াৰ মৃত্যুত বাংলাদেশৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us