অৰাজক বাংলাদেশত আজি নিৰ্বাচন...

অৰাজক বাংলাদেশত আজি অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। বাংলাদেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বাংলাদেশত প্ৰথমবাৰলৈ ভোটদান কৰিব ১ কোটি ২৭ লাখ ৭০ হাজাৰ ৫৯৭ জন ভোটাৰে। দেশখনৰ ৩০০টা সমষ্টিত

author-image
Asomiya Pratidin
New Update
hjjjd

ডিজিটেল ডেস্কঃ অৰাজক বাংলাদেশত আজি অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। বাংলাদেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বাংলাদেশত প্ৰথমবাৰলৈ ভোটদান কৰিব ১ কোটি ২৭ লাখ ৭০ হাজাৰ ৫৯৭ জন ভোটাৰে। দেশখনৰ ৩০০টা সমষ্টিত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন।

দেশখনৰ ৫০শতাংশকৈ অধিক ভোটকেন্দ্ৰক বিপজ্জনক বুলি অভিহিত কৰিছে।  বিপজ্জনক বুলি চিহ্নিত হোৱা ভোটকেন্দ্ৰসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ঢাকাৰ আৰক্ষী মহাপৰিদৰ্শক বাহাৰুল আলমে সমগ্ৰ দেশৰ প্ৰায় ৪৩ হাজাৰ ভোট কেন্দ্ৰৰ ভিতৰত ২৪ হাজাৰ ভোট কেন্দ্ৰ “উচ্চ” বা “মধ্যমীয়া” বিপদজনক নিৰ্বাচনী কেন্দ্ৰ চিনাক্ত কৰা হৈছে।

ঢাকাৰ ২,১৩১টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১,৬১৪টা ভোটগ্ৰহণ কেন্দ্ৰ বিপদজনক। বাংলাদেশৰ আৰক্ষীয জোৱানসকলে প্ৰথমবাৰৰ বাবে শৰীৰত পৰিধান কৰা কেমেৰা ব্যৱহাৰ কৰিব।  নিৰ্বাচনী প্ৰেক্ষাপটলৈ চাই ক'ব পাৰি যে,  এই নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি) আৰু এসময়ৰ জামাত-ই-ইছলামীৰ মাজত মূল যুঁজখন হ’ব। মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে যোৱা বছৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ ভংগ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰিছিল।

বাংলাদেশ