বাংলাদেশৰ নিৰ্বাচন ২০২৬ : প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ তাৰিক ৰহমানক অভিনন্দন নৰেন্দ্ৰ মোডীৰ

২০২৪ চনৰ গণ বিদ্ৰোহৰ পিছত অনুষ্ঠিত প্ৰথমটো নিৰ্বাচনত তাৰিক ৰহমান নেতৃত্বাধীন বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে বৃহৎ জয়ৰ দিশে আগবাঢ়িছে । শুকুৰবাৰে চুবুৰীয়া দেশখনৰ ৰাষ্ট্ৰিয় সংবাদ সংস্থাসমূহে এই কথা ৰাজহুৱা কৰিছে ।

author-image
Asomiya Pratidin
New Update
121

ডিজিটেল ডেস্ক : ২০২৪ চনৰ গণ বিদ্ৰোহৰ পিছত অনুষ্ঠিত প্ৰথমটো নিৰ্বাচনত তাৰিক ৰহমান নেতৃত্বাধীন বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে বৃহৎ জয়ৰ দিশে আগবাঢ়িছে । শুকুৰবাৰে চুবুৰীয়া দেশখনৰ ৰাষ্ট্ৰিয় সংবাদ সংস্থাসমূহে এই কথা ৰাজহুৱা কৰিছে ।

বি এন পিৰ জ্যেষ্ঠ নেতা ৰুহুল কবীৰ ৰিজভিয়ে এক দলীয় বিবৃতিত পৰিসংখ্যা উল্লেখ নকৰাকৈ বৃহৎ বিজয়ৰ দিশে দল বুলি দাবী কৰে । লগতে দলৰ অনুগামীসকলক ৰাজপথত উদযাপন কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে নামাজ পঢ়ি ভগৱানক ধন্যবাদ জনাবলৈ আহ্বান জনায় ।

বিবৃতিটোত উল্লেখ কৰা যে "বি এন পিৰ বৃহৎ জয়ৰ পিছতো কোনোধৰণৰ বিজয় সমদল উলিওৱা নহ’ব । দেশজুৰি জুম্মা (শুকুৰবাৰ) নামাজৰ পিছত আমি মছজিদসমূহত বিশেষ নামাজ অনুষ্ঠিত কৰিম ।"

বাতৰি লিখা পৰলৈকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে দলটো। ইতিমধ্যে দলটোৱে ১৫০ আসনৰ সীমা অতিক্ৰম কৰিছে । দেশখনৰ দুটা টেলিভিছন চেনেলে সম্প্ৰচাৰ কৰা বাতৰি অনুসৰি, বি এন পিয়ে ১৯৭ খন আসন লাভ কৰিছে এতিয়ালৈকে ।

আনহাতে, জামাত-ই-ইছলামীৰ নেতৃত্বত গঠিত ইছলামিক নেতৃত্বাধীন মিত্ৰজোঁটে ৬৩ খন আসন লাভ কৰা বুলি উল্লেখ কৰিছে । জামাতৰ বাবে এইটো বিগত নিৰ্বাচনৰ ফলাফলৰ তুলনাত এক বৃহৎ সফলতা । অৱশ্যে এই ফলাফল আনুষ্ঠানিক ফলাফল নহয়।

ইফালে চুবুৰীয়া দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হোৱা বি এন পিৰ ৬০ বছৰীয়া নেতা তাৰিক ৰহমানে  বিজয় লাভ কৰিছে। ৰহমানৰ বিজয়ৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলটোৰ অধ্যক্ষ তাৰিক ৰহমানক অভিনন্দন জনাইছে। এই বিজয়ত আগভাগ লোৱাৰ বাবে তাৰিক ৰহমানক অভিনন্দন জনাই মোডীয়ে টুইটযোগে কয়, "এই বিজয় আপোনাৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ আস্থাৰ প্ৰতিফলন। ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশক সমৰ্থন কৰি যাব।"

উল্লেখযোগ্য যে, বাংলাদেশৰ নিৰ্বাচনৰ ফলাফল অনুসৰি বিএনপিৰ খাণ্ডাকেৰ মোশ্বাৰফ হোছেইনৰ কমিলা-১ সমষ্টিত জয়লাভ কৰিছে। তেওঁ ১৪১,৪৪০টা ভোট লাভ কৰে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মনিৰুজ্জামান। জামাতৰ প্ৰাৰ্থী মনিৰুজ্জামানে লাভ কৰে ৯৪,৮৪৫টা ভোট। এই দুয়োজন প্ৰাৰ্থীৰ ভোটৰ পাৰ্থক্য ৪৬,৫৯৫।

একেদৰে প্ৰায় ৩৩ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে ছামা ওবাইদে। তেওঁ ফৰিদপুৰ-২ সমষ্টিৰ পৰা জয়ী হৈছে। ছামা ওবাইদে লাভ কৰে ১২১,৬৯৪টা ভোট। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ১১টা দলীয় মিত্ৰজোঁটৰ শ্বাহ আক্ৰাম আলীয়ে লাভ কৰে ৮৯,৩০৫টা ভোট। 


তাৰোপৰি বিএনপিৰ আব্দুল মইন খান নাৰ্চিংডি-২ সমষ্টিৰ পৰা বিজয়ী হৈছে।  এক লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে হাছনাত আব্দুল্লাই। তেওঁ লাভ কৰে ১৬৬,৫৮৩টা ভোট।

বাংলাদেশ