পুনৰ হিন্দুক টাৰ্গেট! বাংলাদেশত জ্বলাই দিলে শিক্ষকৰ বাসগৃহ...

বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকক অকথ্য নিৰ্যাতন চলোৱা হৈছে বাংলাদেশত। এইবাৰ এগৰাকী হিন্দু ধৰ্মৰ শিক্ষকক লক্ষ্য কৰি লোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ শিলহাট জিলাৰ গোৱাইনঘাট এলেকাত।

author-image
Asomiya Pratidin
New Update
new ap web1

ডিজিটেল ডেস্কঃ বিশ্বৰ বহু কেইখন দেশত বৰ্তমান সময়ত ভয়ংকৰ পৰিস্থিতি অব্যাহত আছে। ইৰাণত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ  বাংলাদেশতো প্ৰতিদিনাই হিংসাত্মক ঘটনা সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে। 

বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকক অকথ্য নিৰ্যাতন চলোৱা হৈছে বাংলাদেশত। এইবাৰ এগৰাকী হিন্দু ধৰ্মৰ শিক্ষকক লক্ষ্য কৰি লোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ শিলহাট জিলাৰ গোৱাইনঘাট এলেকাত। বীৰেন্দ্ৰ কুমাৰ নামৰ শিক্ষকগৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰা হয়।

ইফালে, ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত বাসগৃহটোৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ পাছত দেশখনত থকা হিন্দু ধৰ্মৰ লোকসকল অতিকৈ শংকিত হৈ পৰিছে। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দেখা গৈছে যে, দাউদাউকৈ জ্বলি উঠা বাসগৃহটোৰ পৰা বীৰেন্দ্ৰ কুমাৰৰ পৰিয়ালৰ লোক ওলাই অহাৰ চেষ্টা কৰিছে। লগতে যি সা-সামগ্ৰী হাতত লৈ বাহিৰলৈ আনিব পাৰে সেয়া লগত লৈ আহিছে।  

বৰ্তমানলৈ এই কথা স্পষ্টকৈ জানিব পৰা হোৱা নাই যে, এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হয়। কিন্তু ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনসুৰি, পূৰ্বে যি ধৰ্মাৱলম্বী লোকে হিন্দুসকলক হত্যা কৰিছিল, সেই ধৰ্মৰ লোকেই এই ঘটনাও সংঘটিত কৰিছে। 

উল্লেখযোগ্য যে, এগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱা এয়াই একমাত্ৰ ঘটনা নহয়। প্ৰায় ৫দিন পূৰ্বে বাংলাদেশত এনেধৰণৰ ৬টাকৈ ঘটনা সংঘটিত হয়, য’ত হিন্দু ধৰ্মৰ লোকৰ বাসগৃহত অগ্নি সংযোগ কৰে।

অতি ভয়াৱহ পৰিস্থিতি অব্যাহত বাংলাদেশৰ ফেনী জিলাত কিছুদিন পূৰ্বে এগৰাকী হিন্দু ধৰ্মৰ ব্যক্তিক চোকা অস্ত্ৰৰে হত্যা কৰা হৈছিল। নিহত ব্যক্তিগৰাকী আছিল সমীৰ দাস নামৰ এগৰাকী অটো চালক। লক্ষণীয় যে, শ্বেইখ হাছিনাৰ চৰকাৰ আঁতৰোৱাৰ পিছত ইউনুছৰ চৰকাৰে গঠন কৰা হয়। আৰু এই চৰকাৰ অহাৰ পিছৰে পৰা দেশখনত হিন্দু ধৰ্মাৱলম্বী লোকক হত্যা, অত্যাচাৰ, নিৰ্যাতন কৰাৰ ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। 

বাংলাদেশ