বাংলাদেশক লাগে শ্বেইখ হাছিনাক! ভাৰতে দিলে এই উত্তৰ...

ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক পুনৰ বাংলাদেশক গতাই দিবলৈ বাৰে বাৰে আবেদন কৰি আছে বৰ্তমানৰ ইউনুছ চৰকাৰে। ভাৰতৰ বৈদেশিক

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ  ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক পুনৰ বাংলাদেশক গতাই দিবলৈ বাৰে বাৰে আবেদন কৰি আছে বৰ্তমানৰ ইউনুছ চৰকাৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ত ইখনৰ পিছত সিখন আবেদন কৰিছে বাংলাদেশ চৰকাৰে। বাংলাদেশৰ এই আহ্বানক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। 

যোৱা বুধবাৰে এই বিষয়ক লৈ বৈদেশিক মন্ত্ৰালয়ৰ মুখ্য প্ৰবক্তা ৰণধীৰ জায়ছবালে কয় যে, শ্বেইখ হাছিনাক লৈ বাংলাদেশ চৰকাৰ জনোৱা আবেদনক লৈ ভাৰতে পৰ্যালোচনা অব্যাহত ৰাখিছে।  আইনী আৰু ন্যায়িক প্ৰক্ৰিয়াবোৰক লৈও ভাৰত চৰকাৰ বিদেশ মন্ত্ৰালয়ে সকলোবোৰ দিশ আলোচনা কৰি আছে।

উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশত বিগত বৰ্ষত হোৱা অশান্তজৰ্জৰ পৰিস্থিতি দেখি শ্বেইখ হাছিনাই ২০২৪ৰ ৫আগষ্টত দেশ ত্যাগ কৰিছিল। তাৰ পিছৰে পৰাই দিল্লীত বাহৰ পাতি আছে শ্বেইখ হাছিনাই।  সেই শ্বেইখ হাছিনাক পুনৰ বাংলাদেশলৈ পঠোৱাক লৈ বৈদেশিক মন্ত্ৰালয়ৰ মুখ্য প্ৰবক্তা ৰণধীৰ জায়ছবালে লগতে কয়  যে, আমি বাংলাদেশৰ শান্তি, লোকতন্ত্ৰ আৰু স্থিৰতা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিম। 

প্ৰণিধানযোগ্য যে, যোৱা কিছুদিনৰ আগতে শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।  আন্তৰাষ্ট্ৰীয় আদালতে প্ৰদান কৰা এই ৰায়ৰ পিছতে শ্বেইখ হাছিনাক বিচাৰি অধিক তৎপৰ হৈছে বাংলাদেশ।

শ্বেইখ হাছিনা