/asomiyapratidin/media/media_files/2026/01/12/adaddaddaad-2026-01-12-23-31-12.jpg)
ডিজিটেল ডেস্কঃ বাংলাদেশত হত্যা কৰা হৈছে এজনৰ পিছত সিজন হিন্দুক। দেওবাৰে বাংলাদেশত পুনৰ হত্যা কৰা হৈছে আন এজন হিন্দু যুৱকক। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ তথ্য অনুসৰি সমীৰ দাস নামৰ এজন অটো চালকক দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰি হত্যা কৰে। তেওঁক হত্যা কৰাৰ পিছত তেওঁৰ ৰিক্সা লৈ পলায়ন কৰে দুস্কৃতিকাৰী।
প্ৰকাশিত খবৰ অনুসৰি, সমীৰ কুমাৰ দাসে দীৰ্ঘদিন ধৰি বেটাৰী চালিত অটোৰিক্সা চলাই আহিছিল। দেওবাৰে দুপৰ নিশালৈকে ঘৰলৈ উভতি নহা দেখি পৰিয়ালে অঞ্চলটোৰ বিভিন্ন অঞ্চলত তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। লগতে আৰক্ষীক খবৰ দিয়ে।
পুৱতি নিশা প্ৰায় ২ বজাত দক্ষিণ কৰিমপুৰৰ মুহুৰি বাৰীৰ ওচৰত সমীৰৰ তেজেৰে লুটুৰি-পুতুৰি হৈ থকা মৃতদেহটো স্থানীয় ৰাইজে উদ্ধাৰ কৰে। দগানভূঞা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ফায়াজুল আজিমে কয় যে , আৰক্ষীয়ে ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে। অটোৰিক্সা লুটিবলৈ এই হত্যাকাণ্ড সংঘটিত হৈছে নে আন কিবা উদ্দেশ্য আছিল, সকলো দিশৰ তদন্ত চলি আছে বুলি জনায় আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us