বাংলাদেশত পুনৰ হিন্দু লোকক হত্যা

যোৱা ১৮ ডিচেম্বৰত মৈমনসিং জিলাৰ ভালুকাত দিপু চন্দ্ৰ দাসক একাংশ লোকে প্ৰহাৰ কৰি হত্যা কৰিছিল। তাৰ পাছত পুনৰ ২৪ ডিচেম্বৰত হত্যা কৰিছিল  অমৃত নামৰ এজন যুৱকক। ইপিনে ৪০ বছৰীয়া বিজেন্দ্ৰ বিশ্বাসৰ হত্যা হোৱাত অধিক গণ হিংসাৰ ৰূপ লয় বাংলাদেশত।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ দিনক দিনে অধিক উত্তপ্ত হৈ পৰিছে বাংলাদেশ। ১২ দিনত বাংলাদেশত ৩ জনক হত্যা। পুনৰ আন এজন হিন্দু যুৱকক  বাংলাদেশত হত্যা কৰা হয়।  আৰক্ষীয়ে জনোৱা মতে, মৈমনসিং জিলাত নোমন মিঞা নামৰ এজন লোকে ৪০ বছৰীয়া বিজেন্দ্ৰ বিশ্বাসক হত্যা কৰে। ২২ বছৰীয়া নোমনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৯ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা। বিজেন্দ্ৰ আৰু নোমন আছিল এখন কাপোৰৰ কাৰখানাৰ চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল।  

WhatsApp Image 2025-12-30 at 8.52.57 PM

উল্লেখ্য যে, যোৱা ১৮ ডিচেম্বৰত মৈমনসিং জিলাৰ ভালুকাত দিপু চন্দ্ৰ দাসক একাংশ লোকে প্ৰহাৰ কৰি হত্যা কৰিছিল। তাৰ পাছত পুনৰ ২৪ ডিচেম্বৰত হত্যা কৰিছিল  অমৃত নামৰ এজন যুৱকক। ইপিনে ৪০ বছৰীয়া বিজেন্দ্ৰ বিশ্বাসৰ হত্যা হোৱাত অধিক গণ হিংসাৰ ৰূপ লয় বাংলাদেশত। ২০২৫ চনত বাংলাদেশত এতিয়ালৈকে ১৮৪ জন লোকৰ হিংসাত মৃত্যু হৈছে।

image (7)

বাংলাদেশ