নিৰ্বাচনী যুঁজলৈ সাজু বাংলাদেশ: ভোটগ্ৰহণৰ চূড়ান্ত তাৰিখ ঘোষণা...

২০২৪ চনৰ জুলাই মাহত হোৱা গণ-অভ্যুত্থান আৰু শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত এইটোৱেই দেশৰ প্ৰথম নিৰ্বাচন। বৰ্তমান নোবেল বিজয়ী মুহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে দেশ পৰিচালনা কৰি আছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   বাংলাদেশত দীৰ্ঘদিন ধৰি চলি থকা ৰাজনৈতিক অনিশ্চয়তাৰ পাছত, নিৰ্বাচন আয়োগে দেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত এএমএম নাছিৰ উদ্দিনে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সম্প্ৰচাৰৰ জৰিয়তে ঘোষণা কৰা অনুসৰি,২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব।

২০২৪ চনৰ জুলাই মাহত হোৱা গণ-অভ্যুত্থান আৰু শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত এইটোৱেই দেশৰ প্ৰথম নিৰ্বাচন। বৰ্তমান নোবেল বিজয়ী মুহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে দেশ পৰিচালনা কৰি আছে।

উল্লেখ্য যে, দেশত হোৱা অশান্তিৰ পিছত প্ৰস্তুত কৰা ৰাজ্যিক সংস্কাৰ পৰিকল্পনা'জুলাই চাৰ্টাৰ' নামেৰে জনাজাত নথিখন কাৰ্যকৰী কৰাৰ বাবে একেদিনাই এক ৰাষ্ট্ৰীয় গণভোট অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে।

এই চাৰ্টাৰে কাৰ্যবাহী ক্ষমতা হ্ৰাস কৰা, ন্যায়পালিকা আৰু নিৰ্বাচনী কৰ্তৃপক্ষৰ স্বাধীনতা শক্তিশালী কৰা; আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰাকে ধৰি ৰাজ্যিক প্ৰতিষ্ঠানসমূহত ব্যাপক পৰিৱৰ্তনৰ আহ্বান জনাইছে।

বাংলাদেশ