বটদ্ৰৱাৰ শংকৰ শিলিখা বৃক্ষৰ তলৰ গছ বিহুৰ মাংগলিক কাৰ্যসূচী…

বটদ্ৰৱাৰ শংকৰ শিলিখা বৃক্ষৰ তলৰ গছ বিহুৰ মাংগলিক কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাৰ শংকৰ শিলিখা বৃক্ষৰ তলৰ গছ বিহুৰ মাংগলিক কাৰ্যসূচী…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া বাপতি সাহোন সাত বিহুৰ আজিৰ দিনটোত ঠায়ে ঠায়ে উদযাপন কৰা হয় গছ বিহু। গছক বাদ দি অসমীয়া জাতিয়ে নিজৰ অস্তিত্বৰ কথা ভাবিব নোৱাৰে। বটদ্ৰৱাতো আজি গছ বিহুৰ দিনটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত শংকৰ শিলিখা বৃক্ষ জুপিত এখন ধৰ্মবস্ত্ৰ (গামোচা) দি, এটি বন্তি প্ৰজ্বলন কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণবে আৰম্ভ কৰিলে গছ বিহুৰ কাৰ্যসূচী।

অসমৰ বুধিদ্ৰূম সদৃশ বটদ্ৰৱাৰ শংকৰ শিলিখা বৃক্ষৰ সন্মুখত গছ বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে অসমবাসীক গছ বিহুৰ ওলগ জনাই কলে "এক বৃক্ষ দশ পুত্ৰ সম।

গছ আৰু মানুহৰ সম্বন্ধক নিবিড় কৰি তোলা উৎসৱ ৰূপেও বিহুৰ এক সুকীয়া ভূমিকা আছে৷ গছৰ ফুল–ফল, পাত–ছাঁ সকলোৰে যেন বিহুত নিজা নিজা স্থান আছে।" ইফালে কাৰ্যসূচীত উপস্থিত ভকত বৈষ্ণৱে পৰিবেশন কৰা ঘোষাৰ ধ্বনিৰে আধ্যাত্মিক, মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে।