প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতো বিকাশৰ ধাৰা অব্যাহত বন্ধন বেংকৰ…

প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতো বিকাশৰ ধাৰা অব্যাহত বন্ধন বেংকৰ…

author-image
asomiyapratidin
New Update
প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতো বিকাশৰ ধাৰা অব্যাহত বন্ধন বেংকৰ…

ডিজিটেল সংবাদ, গুৱাহাটী: দেশৰ অন্যতম আগশাৰীৰ সাৰ্বজনীন বেংক বন্ধন বেংকে ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। প্ৰত্যাহ্বানজনক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতো বেংকটোৱে ব্যৱসায়ৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিছে।
বিগত আৰ্থিক বছৰৰ তুলনাত বেংকৰ মুঠ ব্যৱসায় (জমা আৰু অগ্ৰিম ) ১৭ শতাংশ বৃদ্ধি হৈ ৩০ জুন, ২০২১ তাৰিখে ১.৫৭ লাখ কোটি টকাত উপনীত হৈছে। দেশ জুৰি বন্ধন বেংকে ষষ্ঠ বৰ্ষৰ কাৰ্যকালত, ৫৫৭৪ টা বেংকিং আউটলেট আৰু শাখাৰ জৰিয়তে ২.৩৫ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে৷এই বেংকে এতিয়ালৈকে ৫১০৫৪ জন লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে।

Advertisment

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত, বেংকৰ জমা বহী বিগত বছৰৰ তুলনাত বৰ্তমানলৈকে ২৮% বৃদ্ধি হৈছে। বৰ্তমান বেংকটোৰ মুঠ জমা ধনৰ পৰিমাণ ৭৭,৩৩৬ কোটি টকা। বিগত বিত্তীয় বৰ্ষৰ তুলনাত কাৰেন্ট একাউণ্ট আৰু সঞ্চয় একাউণ্ট (চিএএছএ) ৪৮ শতাংশ বৃদ্ধি হৈছে, আৰু সামগ্ৰিক জমা বহীৰ মাজত এতিয়া (CASA)ৰ অনুপাত হ'ল ৪৩ শতাংশ। এই সময়ছোৱাত, বেংকৰ খুচুৰা জমা বহী যথেষ্ট বৃদ্ধি হৈছে, যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ইয়াৰ পৰিমাণ ৩৬ শতাংশ বৃদ্ধি হৈ ৪৭,০৮৫ কোটি টকা হৈছে। আৰু বৰ্তমান জমাৰ মাজত খুচুৰা ব্যৱসায়ৰ অংশ ৮৩ শতাংশ ৷

বন্ধন বেংকে ঋণৰ ক্ষেত্ৰটো অগ্ৰগতি লাভ কৰিছে ৷বিগত বছৰৰ প্ৰথম ত্ৰৈমাসিকৰ প্ৰদত্ত ঋণৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত প্ৰদত্ত ঋণৰ পৰিমাণ ৮% বৃদ্ধি পাইছে । মুঠ প্ৰদত্ত ঋণৰ পৰিমাণ এতিয়া ৮০,১২৮ কোটি টকা। বন্ধন বেংকৰ চি এ আৰ এতিয়া ২৪.৮ শতাংশ৷ যিটো প্ৰয়োজনীয় মাত্ৰাৰ তুলনাত যথেষ্ট বেছি।বিকাশৰ পৰৱৰ্তী অংশ হিচাপে বন্ধন বেংকে সকলো ভাৰতীয়ৰ বিভিন্ন ক্ষেত্ৰত বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা এটি প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। সেয়ে গ্ৰাহকৰ প্ৰতিটো আৱশ্যকক অগ্ৰাধিকাৰ দি আহিছে বন্ধন বেংকে। শাৰীৰিক অথবা ডিজিটেল মাধ্যমেৰে গ্ৰাহকক সহায়ৰ বাবে সদায়ে প্ৰস্তুত হৈ থাকে বন্ধন বেংক।

বেংকটোৱে যথেষ্ট পৰিমাণে বিনিয়োগ কৰি আছে, যাৰ লাভালাভ অনাগত বছৰবোৰত দেখা পোৱা যাব। বেংক এছএমই ঋণ, সোণ ঋণ, ব্যক্তিগত ঋণ আৰু অট ঋণৰ ক্ষেত্ৰত ইয়াৰ সামগ্ৰীৰ পৰ্টফলিঅ' বৃদ্ধি কৰি আছে।সমগ্ৰ ভাৰতীয়ক বিশ্বমানৰ বেংকিং সেৱা প্ৰদানৰ বাবে পূব আৰু উত্তৰ-পূবৰ বাহিৰৰ অঞ্চলবোৰত শাখা নেটৱৰ্ক সম্প্ৰসাৰিত কৰা হৈছে। বেংকে এটা উন্নত প্ৰযুক্তিৰ আন্তঃগাঁথনিও ৰূপায়ণ কৰি আছে, যিয়ে গ্ৰাহকসকলক নিৰবিচ্ছিন্ন আৰু সুৰক্ষিত বেংকিং সেৱা উপভোগ কৰাত সহায় কৰিব।

বন্ধন বেংকৰ আৰ্থিক ফলাফল সন্দৰ্ভত এম ডি আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, "চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বন্ধন বেংকৰ ব্যৱসায় বৃদ্ধি আমাৰ সন্মানীয় গ্ৰাহক সকলে আমাৰ ওপৰত ৰখা নিৰন্তৰ বিশ্বাসৰ বাবে সম্ভৱ হৈছে। আমি আমাৰ গ্ৰাহক সকলক তেওঁলোকৰ নিৰন্তৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ, মই ভাবোঁ আমাৰ গ্ৰাহক সকলে সমৰ্থন আৰু তেওঁলোকৰ সহায়ৰ দ্বাৰা বন্ধন বেংকক লাখ লাখ ভাৰতীয়ৰ বাবে এক পছন্দৰ বেংকিং অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰি তুলিব "।