/asomiyapratidin/media/media_files/2025/08/19/train-19-2025-08-19-21-38-00.jpg)
ডিজিটেল ডেস্কঃ বেনাৰছ ল’ক’ম’টিভ ৱৰ্কছে (বি এল ডব্লিউ) ভাৰতীয় ৰে’লৰ পথৰ মাজত প্ৰথম অপসাৰণযোগ্য সৌৰ পেনেল ব্যৱস্থা স্থাপন কৰি নৱীকৰণযোগ্য শক্তিৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। স্বাধীনতা দিৱসত জেনেৰেল মেনেজাৰ নৰেশ পাল সিঙে এই পাইলট প্ৰকল্পৰ উদ্বোধন কৰে।
বি এল ডব্লিউৰ ১৯ নম্বৰ লাইনত স্থাপন কৰা এই প্ৰকল্পত ৰে’লৰ স্লিপাৰৰ ওপৰত অপসাৰণযোগ্য সৌৰ পেনেল স্থাপন কৰা হৈছে। দেশীয় প্ৰযুক্তিৰে ডিজাইন কৰা এই ব্যৱস্থাই ৰে’ল চলাচলত বাধা নোহোৱাকৈ পেনেল স্থাপন আৰু পথৰ ৰক্ষণাবেক্ষণৰ সময়ত সহজে আঁতৰাব পৰা ব্যৱস্থাৰ সুবিধা প্ৰদান কৰে।
এই উদ্যোগ ভাৰতীয় ৰে’লৰ নৱীকৰণযোগ্য শক্তি প্ৰচাৰ আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ লক্ষ্যৰ সৈতে সংগতি ৰাখে। জেনেৰেল মেনেজাৰে মুখ্য বৈদ্যুতিক সেৱা অভিযন্তা ভৰদ্বাজ চৌধুৰীৰ দলৰ প্ৰশংসা কৰি কয়, “এই প্ৰকল্পই সৌৰ শক্তিৰ ব্যৱহাৰত নতুন মাত্ৰা যোগ কৰাৰ লগতে ভাৰতীয় ৰেলৰ সেউজ শক্তি উৎপাদনৰ এক শক্তিশালী মডেল হ’ব।”
ট্ৰেইনৰ কম্পনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ ৰবৰৰ মাউণ্টিং পেড আৰু পেনেল স্থিৰ কৰিবলৈ ইপক্সি আঠা ব্যৱহাৰ কৰা হৈছে। পেনেলসমূহ চাৰিটা এছ এছ এলেন ব’ল্টৰ সহায়ত সহজে আঁতৰাব পৰা আৰু পৰিষ্কাৰ কৰিব পৰা।
৭০ মিটাৰ পথত ২৮টা পেনেলৰে ১৫ কিলোৱাট পিকৰ ক্ষমতাৰ এই প্ৰকল্পই প্ৰতি কিলোমিটাৰত ২২০ কিলোৱাট পিক শক্তি আৰু প্ৰতিদিন ৮৮০ ইউনিট শক্তি উৎপন্ন কৰে। প্ৰতিটো পেনেলৰ আকাৰ ২২৭৮×১১৩৩×৩০ মিলিমিটাৰ, ওজন ৩১.৮৩ কিলোগ্ৰাম, আৰু দক্ষতা ২১.৩১ শতাংশ।
ভাৰতীয় ৰে’লৰ ১.২ লাখ কিলোমিটাৰ নেটৱৰ্কত এই প্ৰযুক্তি ভূমি অধিগ্ৰহণ নকৰাকৈ ইয়াৰ্ড লাইনত ব্যৱহাৰ কৰিব পৰা যাব। বছৰি প্ৰতি কিলোমিটাৰত ৩.২১ লাখ ইউনিট শক্তি উৎপাদনৰ সম্ভাৱনা আছে। এই উদ্ভাৱনে ভাৰতীয় ৰে’লৰ নেট জিৰ’ কাৰ্বন নিৰ্গমনৰ লক্ষ্যৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।