বামুণীমৈদামৰ হত্যাকাণ্ডৰে জড়িত সুজিত সৰকাৰ সহ ৩ জনক গ্রেপ্তাৰ

এখন বলেৰ' গাড়ীৰে পশ্চিমবংগলৈ পলাই যোৱা সময়ত বিজনীত চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিওজনকে। মূল অভিযুক্ত সুজিত সৰকাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা আন তিনিজন হ'ল ৰাতুল বৰা,বিনয় কলিতা, শংকৰ কুমাৰ ৰাও।

author-image
Asomiya Pratidin
New Update
1
  • বামুনীমৈদামৰ অবিনাশ ৰজক হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্ত সুজিত সৰকাৰক গ্ৰেপ্তাৰ।
  • শ্বিলঙত আত্মগোপন কৰি আছিল সুজিতসহ আন ৩ জন অভিযুক্তই।
  • এখন বলেৰ' গাড়ীৰে পশ্চিমবংগলৈ পলাই যোৱা সময়ত বিজনীত চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিওজনকে।
  • মূল অভিযুক্ত সুজিত সৰকাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা আন তিনিজন হ'ল ৰাতুল বৰা,বিনয় কলিতা, শংকৰ কুমাৰ ৰাও।
  • বিজয়া দশমীৰ দিনা জুবিন গাৰ্গৰ সংগীত বজাবলৈ দিয়াক কেন্দ্ৰ কৰি হৈছিল মাৰ-পিট।
  • ইতিমধ্যে ৮ জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
  • এই হত্যাকাণ্ড সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পালে ১২ লৈ।
  • বিজনীত গ্ৰেপ্তাৰ কৰা ৪ জনকে অনা হৈছে গুৱাহাটীলৈ।
  • সুজিত সৰকাৰকে ধৰি হত্যাকাণ্ডত জড়িত সকলোকে কঠোৰ শাস্তি বিহাৰ দাবী জুবিনৰ অনুৰাগীৰ।
গুৱাহাটী হত্যাকাণ্ড গুৱাহাটী আৰক্ষী