/asomiyapratidin/media/media_files/2025/09/16/xxzxzxzxz-2025-09-16-16-39-57.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাৰ বামগাঁও চাহ বাগিচাত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বাগিচাখনৰ প্ৰতিটো লাইন এতিয়া পানীৰ তলত৷ জৰাসৰ আৰু মানশ্ৰী নৈৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে বালিপৰাৰ দীঘলী, দীঘলীবালিজান, উদমাৰীগাঁওকে ধৰি কেইবাখনো গাওঁ ৷
বিশেষকৈ বালিপৰাৰ বামগাঁৱ চাহ বাগিচাৰ বাসগৃহৰ ভিতৰত এতিয়া কেৱল পানী আৰু পানী ৷ ৰাইজে সা-সামগ্ৰী লৈ বিচনাত আশ্ৰয় লবলগীয়া হৈছে৷ খোৱাপানীৰ আৰু খাদ্য অভাৱত ভুগিছে ৰাইজ ৷
ইফালে, বানাক্ৰান্ত ৰাইজক বাগিচাৰ ফালৰ পৰা চিৰা আৰু খোৱা পানীৰ ব্যৱস্থা কৰিছে ৷ বাগিচা খনৰ কেইবা হেক্টৰ চাহ ভুমি এতিয়া পানীৰ তলত ৷ প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।