/asomiyapratidin/media/media_files/2026/01/23/1-2026-01-23-11-50-05.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত কেইবাশতাধিক ভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা সন্দৰ্ভত সংবাদমাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই গা লৰিল বন বিভাগৰ ৷ এনেধৰনে পক্ষীৰ অস্বাভাৱিক মৃত্যুৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/2-2026-01-23-11-52-14.jpg)
বালিপৰাৰ এৰাগাঁৱৰ সমিপবৰ্তী দ-পথাৰত সংঘটিত হৈছিল এই ঘটনা। কপৌ চৰাই,ঘনচিৰিকা,কনামুচৰিকে আদি কৰি দুশৰো অধিক চৰাই- চিৰিকটিৰ মৃত্যু হোৱাত প্ৰকৃতি প্ৰেমী ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ইপিনে এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বনবিভাগৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।আনহাতে কিহৰ বাবে এনদৰে চৰাই চিৰিকটি বিলাকৰ মৃত্যু ঘটিছে এই বিষয়ে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব বুলি বনবিভাগৰ লোকে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/c6d6e970-2ef.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us