হাতত ৰং তুলিকা লৈ বিদ্যালয়ৰ দেৱালত অংকণ দৃশ্য

বালিপৰাৰ অন্যতম চিত্ৰলেখা কলা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে কৰে ৱাল পেইণ্টিং। কোনোৱে যদি বালিপৰা মজলীয়া মাধ্যমিক বিদ্যালয়ৰ দেৱালত অসমৰ ৰংঘৰ অংকণ কৰিছে আন কোনোৱে কামাখ্যা মন্দিৰ,কাজিৰঙাৰ অপূৰ্ব সৌন্দৰ্যৰ ৰং তুলিকাৰ মাজেৰে সুন্দৰ ভাৱে প্ৰতিফলিত কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত ৰং তুলিকা লৈ ব্যস্ত এদল ছাত্ৰ-ছাত্ৰী। দেৱালত এফালৰ পৰা অংকণ কৰিছে বিভিন্ন ছবি। এইদৃশ্য বালিপৰাৰ।

 

প্ৰণিধানযোগ্য যে, বালিপৰাৰ অন্যতম চিত্ৰলেখা কলা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে কৰে ৱাল পেইণ্টিং।

বালিপৰা মজলীয়া মাধ্যমিক বিদ্যালয়ৰ দেৱালত অসমৰ ৰংঘৰ,কামাখ্যা মন্দিৰ,কাজিৰঙা,নামেৰীৰ অপূৰ্ব সৌন্দৰ্যৰ লগতে অসমৰ কলা সংস্কৃতি আৰু ঐতিহ্যসমূহ নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰং তুলিকাৰ মাজেৰে সুন্দৰ ভাৱে প্ৰতিফলিত কৰে। সেই দৃশ্য দেখাৰ পাছত সকলোৱে  তেওঁলোকক প্ৰসংশা কৰা পৰিলক্ষিত হয়। 

তাৰোপৰি, বৰ্তমান সময়ত এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে হাতত ৰং তুলিকা লৈ দৃশ্য অংকণ কৰাত এনে পদক্ষেপক সলাগ লৈছে। 

জামুগুৰিহাট