/asomiyapratidin/media/media_files/2025/11/30/1-2025-11-30-17-38-19.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ প্ৰতিটো যুগ আৰু পৰম্পৰাতে গুৰু-শিষ্যৰ সম্পৰ্কক পবিত্ৰ বুলি মানি অহা হৈছে ৷ এই সম্পৰ্ক কেৱল এক বান্ধোনেই নহয়, ই এক পৱিত্ৰ পোহৰৰ ধাৰা। শোণিতপুৰৰ বালিপৰাৰ খনামুখস্থিত মানশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গুৰু শিষ্য মহামিলন সমাৰোহ অনুষ্ঠিত হয়।
অনুষ্ঠানটিত পুৱাই অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ গুৰু শিষ্য মহামিলন সমাৰোহৰ সভাপতি ছুদন ভেংৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে সম্পাদক ৰন বাহাদুৰ চেত্ৰীয়ে ।
/asomiyapratidin/media/post_attachments/8411012e-09a.png)
বিদ্যালয়খনত ১৯৭৭ ৰ পৰা ১৯৭৯ চন পৰ্যন্ত শিক্ষা প্ৰদান কৰা শিক্ষা গুৰুসকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সু-দীৰ্ঘ দিনৰ পিছত এই মহা মিলন হয় ৷ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গুৰু সকলক একোখনকৈ ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰি আৱেগিক হৈ পৰে আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে একোখনকৈ মানপত্ৰ প্ৰদান কৰে । বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক তথা শিক্ষাগুৰু সকলে অতীতক ৰোমন্থন কৰি বক্তব্য প্ৰদান কৰা দেখা যায়। ইপিনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ বাবে উদ্যোক্তা সমিতিৰ হৈ ৰণ বাহাদুৰ চেত্ৰীয়ে সকলোকে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us