শোণিতপুৰৰ বালিপৰাত আৰক্ষীৰ তীব্ৰ অভিযান

অভিযানত সন্দেহযুক্ত হে'ৰইনসহ আৰু বহু পৰিমাণৰ আ-অলংকাৰ জব্দ

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত সন্দেহযুক্ত হে'ৰইনসহ  দুজন যুৱকৰ লগতে এগৰাকী যুৱতীক আটক কৰে আৰক্ষীয়ে। চাৰিদুৱাৰ আৰক্ষীৰ তহলদাৰী দলে যান-বাহনত তালাচী চলাই থকাৰ সময়তে  AS-12-CC-1458 নম্বৰৰ এখন ট্ৰাকত বহি থকা  দুজন যুৱক আৰু এগৰাকী যুৱতীৰ পৰা ১১ টা সন্দেহযুক্ত হে'ৰইন ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। 

image (36)

উল্লেখ্য যে, আৰক্ষীয়ে  ৫৫ যোৰ ৰূপৰ ফুলি,১৪ যোৰ সোণৰ ফুলি , ২ ডাল সোণৰ চেইন , ১৪ টা নাকফুলি ,তিনিটা মোবাইল ফোনৰ  লগতে নগদ ৭০০০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। 

WhatsApp Image 2025-11-28 at 11.03.04 AM

প্ৰাণিধানযোগ্য যে, ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইপিনে আটকাধীন যুৱক দুজন কনক দৰ্জী,দাৱা ট চেৰিং বুলি জানিব পৰা গৈছে। 

image (37)

তাৰোপৰি সম্প্ৰতি চাৰিদুৱাৰ আৰক্ষীয়ে আটাইকেইজনক গ্ৰেপ্তাৰ কৰি তেজপুৰৰ জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷

WhatsApp Image 2025-11-28 at 11.02.16 AM

জামুগুৰিহাট