বালিপৰাত দুশৰো অধিক চৰাই চিৰিকটিৰ অস্বাভাৱিক মৃত্যু

কি কাৰণত এই চৰাই চিৰিকটি সমূহ এনেদৰে অস্বাভাৱিক মৃত্যুৰ মুখত পৰিছে জানিব পৰা হোৱা নাই।  ইপিনে চৰাই চিৰিকটিৰ এনে অস্বাভাৱিক মৃত্যুত চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ   শোণিতপুৰৰ বালিপাৰাত এক শোকাৱহ তথা চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা পোহৰলৈ আহিছে। বালিপৰাত কেইবাশতাধিক চৰাইৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বালিপৰাৰ এৰাগাঁৱৰ সমিপৱৰ্তী দ-পথাৰত সংঘটিত হৈছে এই ঘটনা। 

2

ইতিমধ্যে কপৌ চৰাই,ঘনচিৰিকা,কনামুচৰিকে আদি কৰি দুশৰো অধিক চৰাই- চিৰিকটিৰ  মৃত্যু ঘটাত চিন্তিত হৈ পৰিছে স্থানীয় পক্ষীপ্ৰেমী ৰাইজ। আনহাতে কি কাৰণত এই চৰাই চিৰিকটি সমূহ এনেদৰে অস্বাভাৱিক মৃত্যুৰ মুখত পৰিছে জানিব পৰা হোৱা নাই।  ইপিনে চৰাই চিৰিকটিৰ এনে অস্বাভাৱিক মৃত্যুত চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল ৷

বালিপৰা