ৰাষ্ট্ৰীয় এচিয়ান গেমচত জেভেলিন থ্ৰ’ত দ্বিতীয় স্থান লাভ অসম সন্তানৰ

শোণিতপুৰ বালিপৰাৰ  চলা গাঁও নিবাসী মৰমী দেবী ৰায়ে চেন্নাইত অনুষ্ঠিত ২৩ তম্ মাষ্টাৰ্ছ এথেলেটিকচ চেম্পিয়নশ্বিপৰ ৰাষ্ট্ৰীয় এচিয়ান গেমচত জেভেলিন থ্ৰ’ত দ্বিতীয় স্থান লাভ কৰে।  

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে ক্ৰীড়া জগতত মহিলাই সু-নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবাৰ শোণিতপুৰ বালিপৰাৰ  চলা গাঁও নিবাসী মৰমী দেবী ৰায়ে চেন্নাইত অনুষ্ঠিত ২৩ তম্ মাষ্টাৰ্ছ এথেলেটিকচ চেম্পিয়নশ্বিপৰ ৰাষ্ট্ৰীয় এচিয়ান গেমচত জেভেলিন থ্ৰ’ত দ্বিতীয় স্থান লাভ কৰে।  

WhatsApp Image 2025-12-30 at 1.46.01 PM

উল্লেখ্য যে, মৰমী দেবী ৰায়ে ৰূপৰ পদক অৰ্জনেৰে সমগ্ৰ  ৰাজ্যৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। লগতে তেওঁৰ পৰিয়াল বৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ এই সাফল্য দেখি। ইয়াৰ পূৰ্বেও কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ গ্ৰহণ কৰি তেওঁ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিছে। 

WhatsApp Image 2025-12-30 at 1.46.00 PM

বালিপৰা