/asomiyapratidin/media/media_files/2025/11/26/323-2025-11-26-08-40-36.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ বালিপৰাৰ পৰা জামুগুৰিহাট সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ কদৰ্য্যৰূপে যাতায়তত যমৰ যাতনা ভোগাইছে ৰাইজক ৷ বিশেষকৈ খনামুখৰ পৰা ধৰি তৌভঙা, টুপিয়া, ধলাইবিল, চৈবাৰী, বাকোলা, কাথৰববাৰী, মূঢ়াদল, শ’লগুৰি, গেৰেকীচুক, মাধৱ আদিকে ধৰি বহুকেইখন গাঁৱৰ মাজেদি যোৱা এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা সম্প্ৰতি পুখুৰীসদৃশ গাঁতেৰে গৰ্ব্বিত হৈ পৰাত যান-বাহনসমূহৰ চালকৰ লগতে দুৰনীবটীয়া যাত্ৰী সকলেও কঁকালৰ বিষত আক্ৰান্ত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷
ইয়াৰ লগতে জামুগুৰিহাটৰ তৌভঙাৰ জীয়াভৰলী নদীৰ ওপৰত থকা পকীৰ দলঙখনো সুদীৰ্ঘ বছৰ ধৰি বিভাগীয় কতৃপক্ষই মেৰামতিৰ ব্যৱস্থা কৰা নাই ৷ যাৰ বাবে অতি পুৰণি প্ৰায় ১কি: মি:দৈৰ্ঘ্যৰ দলঙখনৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ লগতে পকীৰ দলঙখনৰ মাজত মেলিছে ফাঁট ৷
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোণিতপুৰ জিলা কৰ্তৃপক্ষই জীয়াভৰলী দলঙৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আবণ্টিত পুঁজিৰ ধন কোটি কোটি টকা গো গ্ৰাসে গিলিহে আহিছে বুলি অভিযোগ উঠিছে ৷ এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে জিলাখনৰ তেজপুৰৰ পৰা বালিপৰা হৈ -জামুগুৰিহাট আৰু বিশ্বনাথ চাৰিআলিলৈকে সংযোগ কৰি দৈনিক কেইবা শতাধিক সৰু- বৰ যান -বাহন এই পথচোৱাৰ ওপৰেদি নিতৌ চলাচল কৰি থকা দেখা যায় ।
মন কৰিবলগীয়া যে উক্ত দলঙখনৰ ওপৰত এতিয়া পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে। যি পুখুৰীত এজাক সামান্য বৰষুণ হ'লেই পানীৰে পৰিপূৰ্ণ হৈ থাকে । অভিযোগ মতে পথচাৰী তথা যান -বাহনসমূহ এই দলঙখনৰ ওপৰেৰে পাৰ হৈ যাবলৈ ভয় কৰে আৰু দলঙখনত উঠাৰ পূৰ্ব্বে যান-বাহনৰ চালকসকলৰ লগতে বাছযাত্ৰীসকলেও দহবাৰ ঈশ্বৰকেই স্মৰণ কৰিহে পাৰ হ'ব লগা হয়।
কিয়নো স্বাধীনোত্তৰ কালতে (১৯৬২ চন) নিৰ্মিত অতি পুৰণি জীয়াভৰলী দলঙখন ক্ৰমশঃ তললৈ বহি যোৱাৰ আশংকা কৰি জনসাধাৰণে এই দলং অতিক্ৰম কৰিবলৈ ভয় কৰাটোৱেই হ'ল মূল কাৰণ । সুদীৰ্ঘ বছৰ ধৰি এনদৰেই জৰাজীৰ্ণ অৱস্থাত থকা এই জীয়াভৰলী দলঙখনৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উৰ্দ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজ ও বিভিন্ন দল সংগঠনে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us