/asomiyapratidin/media/media_files/2025/12/20/ererrererrrrrr-2025-12-20-09-16-50.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ সম্ভ্ৰান্ত প্ৰকাশন প্ৰতিষ্ঠান ‘বাক্য’ই ঘোষণা কৰিছে ২০২৫ বৰ্ষৰ 'বাক্য সাহিত্য বঁটা৷' সৃজনীশীল সাহিত্যৰে সুদীৰ্ঘকাল ধৰি অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিক সমৃদ্ধ কৰি অহা এগৰাকী বৰেণ্য লেখকক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে ২০২৩ বৰ্ষৰ পৰা প্ৰকাশন প্ৰতিষ্ঠানটোৱে প্ৰদান কৰি অহা ‘বাক্য সাহিত্য বঁটা’ ২০২৫ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে বিশিষ্ট কবি, গল্পকাৰ, প্ৰৱন্ধ লেখক, ঔপন্যাসিক, কবিতাৰ সমালোচক হৰেকৃষ্ণ ডেকালৈ ৷
ছাত্ৰাৱস্থাৰ পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল ৷ ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বও বহন কৰিছিল ৷ ১৯৮৭ চনত ‘আন এজন’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা ডেকাই ‘অসম সাহিত্য উপত্যকা বঁটা’ আৰু ‘বন্দীয়াৰ’ গল্পৰ বাবে ‘ভাৰতীয় ভাষা পৰিষদৰ সাহিত্য বঁটা’ লাভ কৰিছিল ৷
The Sentinel কাকতৰ সম্পাদকৰ দায়িত্বৰ উপৰিও তেখেত গৰীয়সী আলোচনীৰো সম্পাদক আছিল ৷ অহা ৪ জানুৱাৰীত শিৱসাগৰ প্ৰেছ ক্লাবত বঁটা প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰেণ্য সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব বুলি এক বিবৃতিযোগে জনাইছে ‘বাক্য’ৰ সঞ্চালক সত্যজিৎ নাথ আৰু মুখ্য পৰিচালিকা অলি নাথে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us