দিহিৰা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীলৈ সংখ্যালঘু ৰাইজৰ মুকলি সমৰ্থন

শনিবাৰে দীঘলদঙাত সংবাদমেল পাতি সংখ্যালঘু মানে বিজেপি বিৰোধী নহয় বুলি মন্তব্য কৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকে

author-image
Asomiya Pratidin
New Update
hagshagsas

ডিজিটেল সংবাদ, বাক্সাঃ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বাক্সাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ জিএছপি প্ৰাৰ্থী ঘনশ্যাম দাসৰ ভোটবেংক হিচাপে চিহ্নিত নিকাছি ভিচিডিচিৰ দীঘলদঙা সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ভোটাৰৰ মুকলি সমৰ্থন বিজেপিৰ প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ পক্ষত দেখিবলৈ পোৱা গৈছে। 

২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ সমস্যা বিজেপিৰ বাহিৰে কোনেও কৰিব নোৱাৰে বুলি মন্তব্য কৰে দীঘলদঙাৰ সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ লোকে। ইফালে ১০ বছৰে বিটিচিৰ পাৰিষদ হিচাপে থাকিও ঘনশ্যাম দাসে সমষ্টিটোৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। 

শনিবাৰে দীঘলদঙাত সংবাদমেল পাতি সংখ্যালঘু মানে বিজেপি বিৰোধী নহয় বুলি মন্তব্য কৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকে। খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি থকা বিজেপি চৰকাৰক মুকলি সমৰ্থন কৰা কাৰ্যই আগন্তুক দিনত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ পথ সুগম কৰি তুলিব পাৰে বুলি অনুমান কৰা হৈছে।

বিজেপি