বাক্সা জিলা আয়ুক্তৰ অধ্যক্ষতাত বানপানী প্ৰতিৰোধ সন্দৰ্ভত পৰ্যালোচনা সভা সম্পন্ন

বাক্সা জিলা আয়ুক্ত গৌতম দাসৰ অধ্যক্ষতাত আজি বানপানীৰ প্ৰতিৰোধ সন্দৰ্ভত এখনি পৰ্যালোচনা সভা মুছলপুৰস্থিত আয়ুক্তৰ সভাত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
WR3EWE

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলা আয়ুক্ত গৌতম দাসৰ অধ্যক্ষতাত আজি বানপানীৰ প্ৰতিৰোধ সন্দৰ্ভত এখনি পৰ্যালোচনা সভা মুছলপুৰস্থিত আয়ুক্তৰ সভাত অনুষ্ঠিত হয়। এই সভাত জিলা আয়ুক্ত গৰাকীয়ে সকলো বিভাগৰ সৈতে বান জৰুৰীকালীন পৰিকল্পনা (Flood Contingency Plans) ৰ সন্দৰ্ভত পৰ্যালোচনা কৰে আৰু বিভাগসমূহক সময়মতে প্ৰস্তুতি পৰিকল্পনা দাখিল তথা উন্নীতকৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। 

জিলা আয়ুক্তগৰাকীয়ে বিভাগসমূহৰ মাজত সুদৃঢ় সমন্বয়, সামগ্ৰীৰ মজুতকৰণ, অসুৰক্ষিত তথা দ অঞ্চল সমূহ চিনাক্তকৰণ আৰু জৰুৰীকালীন সময়ত কন্ট্ৰল ৰুমসমূহৰ সুচাৰু পৰিচালনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বাক্সাৰ পাহাৰীয়া ঠাই আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰীয়া হোৱাৰ প্ৰতি লক্ষ্য ৰাখি হঠাতে হোৱা বানপানী (Flash Flood) সমস্যা সমাধানৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। 

আনহাতে, জিলা আয়ুক্ত গৰাকীয়ে বিষয়াসকলক পানী এৰি দিয়াৰ প্ৰক্ৰিয়া আৰু নদীৰ জলস্তৰৰ মাপ, বিশেষকৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাসমূহত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জলসম্পদ বিভাগক মথাউৰিৰ ওপৰত নিয়মীয়া নিৰীক্ষণ চলোৱাৰ লগতে দুৰ্বল অংশসমূহত তাৎক্ষণিক মেৰামতিৰ কাম হাতত ল’বলৈ নিৰ্দেশ দিয়ে। 

একেদৰে, স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ মজুত ৰাখিবলৈ আৰু পানীৰ পৰা হোৱা ৰোগসমূহৰ বিৰুদ্ধে যুঁজিবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়া হয়। জনস্বাস্থ্য কাৰিকৰী (PHE) বিভাগক বান প্ৰৱণ অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ সুবিধা নিশ্চিত কৰিবলৈ কোৱা হয়।

WhatsApp Image 2026-02-20 at 3.22.38 PM

ইয়াৰ উপৰিও জিলা আয়ুক্ত গৰাকীয়ে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি, মক ড্ৰিল (Mock Drill) অনুষ্ঠিত কৰা, আগতীয়া সতৰ্কবাণী বাৰ্তা সঠিক সময়ত প্ৰচাৰ কৰা আৰু “আপদা মিত্ৰ”ৰ দৰে দুৰ্যোগ ব্যৱস্থাপনা পদক্ষেপসমূহ শক্তিশালী কৰাৰ ওপৰত জোৰ দিয়ে। লগতে তেওঁ সকলো বিষয়াক সজাগ আৰু সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায় ।

জিলাখনত ক্ষিপ্ৰ আৰু কাৰ্যকৰী দুৰ্যোগ সঁহাৰি আৰু প্ৰশমনমূলক ব্যৱস্থা নিশ্চিত কৰাৰ বাবে সকলো অংশীদাৰৰ পৰা সমন্বিত আৰু সামূহিক প্ৰচেষ্টাৰ আহ্বানেৰে সভাখনৰ সামৰণি পৰে। এইসভাত অতিৰিক্ত জিলা আয়ুক্ত তথা ডিডিএমএৰ (DDMA) মুখ্য কাৰ্যবাহী বিষয়া মুস্তাফা চেলিম আহমেদ, সালবাৰীৰ মহকুমাধিপতি (ভাৰপ্ৰাপ্ত) তথা অতিৰিক্ত জিলা আয়ুক্ত ঋতুত্তম বৰা, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

বাক্সা