/asomiyapratidin/media/media_files/2025/09/01/baksha-01-2025-09-01-18-41-07.jpg)
ডিজিটেল সংবাদ বাক্সাঃ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ মাজতে আজি সংঘটিত হয় এক মাৰপিটৰ ঘটনা। অভিযোগ অনুসৰি বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত সন্মুখতে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসক আক্ৰমণ কৰে এজন ব্যক্তিয়ে।
জানিব পৰা মতে জি এছ পি দলৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ সৈতে মনোনয়ন দাখিল কৰাৰ বাবে আহিছিল জোন দাস। তেঁলোকে মনোনয়ন দাখিল কৰি আয়ুক্ত কাৰ্যালয়ৰ বাহিৰত উপস্থিত হোৱাৰ পিছতে পূৰ্বৰে পৰা সেই স্থানত ৰৈ থকা হিতেশ কছাৰী নামৰ লোকজনে হেলমেটেৰে আক্ৰমণ কৰে জোন দাসক।
এইদৰে হোৱা আকস্মিক আক্ৰমণত জোন দাসৰ মূৰ ফাটি যায় আৰু তেওঁ মাটিত বাগৰি পৰে। উল্লেখ্য যে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা জোন দাসে হিতেশ কছাৰী নামৰ লোকজনৰ প্ৰেছত প্ৰায় দুই লাখ টকা দিবলৈ বাকী আছিল।
কিন্তু বিগত সময়চোৱাত জোন দাসে দিবলগীয়া টকাখিনি দীৰ্ঘদিন ধৰি নিদিয়াত ক্ষোভিত হৈয়ে আজি তেওঁ এই আক্ৰমণ সংঘটিত কৰে বুলি জানিব পৰা গৈছে।