নিয়মিত প্ৰাৰ্থনাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীয়ে গালে "মায়াবিনী"

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন । বাক্সাৰ জালাহ আৰু বৰমাত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষ্যে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 12.17.12 PM

ডিজিটেল সংবাদ,বাক্সাঃ আজি ১৮ নৱেম্বৰ। প্ৰত্যেকটো দিনত কৈ আজি কিছু বিপৰীত । কিয়নো আজি গোল্ডীৰ ওপজা দিন। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে উদযাপন কৰিছে জুবিনৰ জন্মদিন।  

উল্লেখ্য যে আজি জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন । বাক্সাৰ জালাহ আৰু বৰমাত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষ্যে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। জামাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বৰমাৰ  আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত পালন কৰে জুবিন গাৰ্গৰ জন্মদিন। আজিৰ এই বিশেষ দিনটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে নিয়মিত প্ৰাৰ্থনাৰ বিপৰীতে গালে জুবিন গাৰ্গৰ "মায়াবিনী" গীত ।

আনফালে পুৱাতেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জালাহত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ অধ্যক্ষ ডঃ ভৱেশ শৰ্মাই আৰু বৰমাৰ আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী মনোমতি স্বৰ্গীয়াৰীয়ে ।

তাৰোপৰি জামাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মায়াবিনী পৰিৱেশন ।

জুবিন গাৰ্গ বাক্সা জুবিন